ETV Bharat / state

ডিজিটেল নিউজ প'ৰ্টেলক নিয়ন্ত্ৰণৰ দাবী শিলাদিত্য দেৱৰ - নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা

ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠিছে ডিজিটেল নিউজ প'ৰ্টেল ৷ অধিকাংশ নিউজ প'ৰ্টেলে নিজা নিজা "এজেণ্ডা" লৈ বাতৰি সম্প্ৰচাৰ কৰা বুলিও মন্তব্য প্ৰদান কৰে । বিভিন্নজনক ব্যক্তিগত আক্ৰমণৰ লক্ষ্যৰে বাতৰি সম্প্ৰচাৰ কৰি নিজৰ মুনাফা আদায় কৰা বুলিও মন্তব্য প্ৰদান বিধায়ক শিলাদিত্য দেৱৰ ৷

RECATION ON DIGITAL NEWS PORTAL HOJAI MLA SILADITYA DEV
ডিজিটেল নিউজ প'ৰ্টেলক নিয়ন্ত্ৰণৰ দাবী বিধায়ক শিলাদিত্য দেৱৰ
author img

By

Published : Jul 20, 2020, 10:36 PM IST

গুৱাহাটী,২০ জুলাই : ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠিছে ডিজিটেল নিউজ প'ৰ্টেল ৷ চৰকাৰে এই ক্ষেত্ৰত নিয়ন্ত্ৰণৰ ব্যবস্থা কৰা উচিত ৷ এই মন্তব্য হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱৰ ৷ সোমবাৰে দিছপুৰৰ বিধায়ক আৱাসত এখন সংবাদমেলত ভাগ লৈ হোজাইৰ বিধায়ক গৰাকীয়ে কয় যে,অসমত এতিয়া হিচাপ কৰিব নোৱৰা ধৰণে বৃদ্ধি পাইছে নিউজ প'ৰ্টেলৰ সংখ্যা ।

ডিজিটেল নিউজ প'ৰ্টেলক নিয়ন্ত্ৰণৰ দাবী বিধায়ক শিলাদিত্য দেৱৰ

আনহাতে,বিধায়ক গৰাকীয়ে অধিকাংশ নিউজ প'ৰ্টেলে নিজা নিজা "এজেণ্ডা" লৈ বাতৰি সম্প্ৰচাৰ কৰা বুলিও মন্তব্য প্ৰদান কৰে। বিভিন্নজনক ব্যক্তিগত আক্ৰমণৰ লক্ষ্যৰে বাতৰি সম্প্ৰচাৰ কৰি নিজৰ মুনাফা আদায় কৰা বুলিও মন্তব্য প্ৰদান কৰে বিধায়ক গৰাকীয়ে ।

অলপতে তেনে এটা প'ৰ্টেলে জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাক সাঙুৰি এটা অসত্য বাতৰি পৰিৱেশন কৰিছিল বুলিও মন্তব্য প্ৰদান বিধায়ক গৰাকীৰ। গতিকে, নিয়ন্ত্ৰণ নথকা নিউজ প'ৰ্টেলৰ বিৰুদ্ধে ব্যবস্থা ল'বলৈ চৰকাৰক আহ্বান জনাই বিধায়ক গৰাকীয়ে ৷

সেয়েহে অসমত বৰ্দ্ধিত হাৰত বৃদ্ধি পোৱা নিউজ প'ৰ্টেল সমূহক শীঘ্ৰে নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে বুলিও মন্তব্য কৰে হোজাইৰ বিধায়ক গৰাকীয়ে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীক বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ আহ্বান আমছুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.