ETV Bharat / state

বাবৰি মছজিদ প্ৰতিষ্ঠা কৰিলে আমিও সহায় সহযোগ কৰিমঃ ৰাজেন গোঁহাই

author img

By

Published : Aug 5, 2020, 9:12 PM IST

"বাবৰি মছজিদ প্ৰতিষ্ঠা কৰিলে আমিও সহায় সহযোগ কৰিম" হোজাই জিলাৰ লংকা লংকেশ্বৰী নাট্য মন্দিৰত উপস্থিত হৈ এই মন্তব্য কৰিলে প্ৰাক্তন ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইয়ে ৷

rajen-gohain-visited-hojai
বাবৰি মছজিদ প্ৰতিষ্ঠা কৰিলে আমিও সহায় সহযোগ কৰিমঃ ৰাজেন গোঁহাই

হোজাই, 5 আগষ্ট : "বাবৰি মছজিদ প্ৰতিষ্ঠা কৰিলে আমিও সহায় সহযোগ কৰিম" হোজাই জিলাৰ লংকা লংকেশ্বৰী নাট্য মন্দিৰত উপস্থিত হৈ এই মন্তব্য কৰিলে প্ৰাক্তন ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইয়ে ৷ অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনৰ লগত সংগতি ৰাখি লংকা বিজেপি টাউন মণ্ডলে লংকেশ্বৰী নাট্য মন্দিৰত আয়োজন কৰা পূজাত অংশ গ্ৰহণ কৰে ৰাজেন গোঁহাইয়ে ৷ ৫০০ তকৈ অধিক বছৰৰ কাল অপেক্ষাৰ অন্ততঃ দেশবাসীয়ে যি বিচাৰিছিল সেয়া আজি পাৱলৈ সক্ষম হৈছে তথা দেশবাসী আনন্দত আত্মহাৰা হৈছে বুলি মত ব্যক্ত কৰে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে । আজি ৰাম মন্দিৰৰ ভূমি পূজনে ভাৰত বৰ্ষত পুনৰ এবাৰ হিন্দু সংস্কৃতি প্ৰতিষ্ঠা হ'ল বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে ৷

তদুপৰি বাবৰি মচজিদ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি নেতাগৰাকীয়ে কয় যে, "আমাৰ চৰকাৰে মাটি দিছে, প্ৰতিষ্ঠা কৰাটো তেওঁলোকৰ কথা । প্ৰতিষ্ঠা কৰিলে আমিও সহায় সহযোগ কৰিম । "

উল্লেখ যে, বুধবাৰে অযোধ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ ভূমিপূজন সম্পন্ন কৰে ৷ উক্ত অনুষ্ঠানত আৰ এছ এছ প্ৰমুখ মোহন ভাগৱৎ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথো উপস্থিত থাকে ৷ আজিৰ এই ভূমিপূজন অনুষ্ঠানত কৰ‘ণা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি 1980 ৰ দশকত আৰম্ভ হোৱা আন্দোলনত অংশগ্ৰহণ কৰা নেতা সকলৰ লগতে আমন্ত্ৰিত অতিথিৰ তালিকা 175 গৰাকীতে সীমিত ৰখা হয় ৷

লগতে পঢ়ক : প্ৰসিদ্ধ সংগীতশিল্পী এচ.পি.বালাসুব্ৰমনিয়ামৰ দেহত কৰ'ণা ভাইৰাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.