ETV Bharat / state

চিকিৎসকক আক্ৰমণৰ সন্দৰ্ভত ফুলতলী বজাৰত নাগৰিক সভা

author img

By

Published : Jun 8, 2021, 11:04 AM IST

চিকিৎসকক আক্ৰমণ কৰাৰ ঘটনা সন্দৰ্ভত আলোচনা কৰাৰ বাবে লংকাৰ ফুলতলী বজাৰত অনুষ্ঠিত হ'ল নাগৰিক সভা । উক্ত নাগৰিক সভাত এখন ১৭ জনীয়া সমিতি গঠন কৰা হয় । আক্ৰমণকাৰীৰে জড়িত কোনো লোকে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত সহযোগিতা নকৰিলে তেনে লোকক সমাজৰ পৰা এঘৰীয়া কৰিব বুলি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে ।

Public Meeting in Hojai
লংকাৰ ফুলতলী বজাৰত নাগৰিক সভা

হোজাই,৮ জুন: হোজাইত চিকিৎসকক আক্ৰমণ কৰা ঘটনাৰে জড়িত দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত সোমবাৰে হোজাইৰ ফুলতলী বজাৰত নাগৰিক সভা অনুষ্ঠিত কৰা হয় । মহম্মদ ইদ্ৰিছ আলীক সভাপতি আৰু আৰু লুটফুৰ ৰহমানক সম্পাদক দায়িত্ব দি এখন ১৭ জনীয়া সমিতি গঠন কৰা হয় ৷

উক্ত সভাত সমিতিখনে যোৱা ১ জুনত সংঘটিত হোৱা বৰ্বৰ ঘটনাক মৰ্মান্তিক আখ্যা দিয়ে আৰু দুখ প্ৰকাশ কৰি ডাঃ সেউজ কুমাৰ সেনাপতিৰ আক্ৰমণৰে জড়িত দোষীক শাস্তি প্ৰদান কৰাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ আক্ৰমণকাৰীক অতি শীঘ্ৰে চিনাক্ত কৰি আৰক্ষীক চমজাই দিবলৈ ৰাইজক আহ্বান জনায় সমিতিৰ সদস্যসকলে ।

আনহাতে, আক্ৰমণকাৰীৰে জড়িত কোনো লোকে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত সহযোগিতা নকৰিলে তেনে লোকক সমাজৰ পৰা এঘৰীয়া কৰিব বুলি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে । উল্লেখ্য যে, এগৰাকী ক'ভিড ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ফুলতলি ক'ভিড কেয়াৰ কেন্দ্ৰত(COVID CARE CENTRE) ডাঃ সেউজ কুমাৰ সেনাপতি নামৰ এগৰাকী চিকিৎসকক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল একাংশ উদণ্ড লোকে । এই ঘটনাৰ পিছতে আৰক্ষীয়ে 24 জন লোকক আটক কৰে ।

লগতে পঢ়ক: ক’ভিড আক্ৰান্তৰ মাজলৈ "দৌৰ"...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.