হোজাই, 25 মে' : জুৱা খেল বন্ধ কৰাৰ বাবে হোজাইত প্ৰতিবাদ সাব্য়স্ত কৰে একাংশ ৰাইজে ৷ বাধা দিবলৈ যোৱা প্ৰতিবাদী ৰাইজৰ ওপৰত মহিলাৰ দ্বাৰা জুৱাৰী সকলে গোচৰ তৰে ৷ এই ঘটনাৰ পাছতেই ডবকাৰ দক্ষিণ আশীনগৰত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ৰাইজৰ অভিযোগ অনুসৰি ডবকাৰ দক্ষিণ আশীনগৰৰ ঋষী কেশ্বৰ ঘৰত চলি আহিছে জুৱাৰ এক বৃহৎ ৰমৰমীয়া আড্ডা ৷
সম্প্ৰতি জুৱা খেলৰ দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷ আৰক্ষীৰ বাধাকো কেৰেপ নকৰে জুৱাৰীৰ দলটোৱে ৷ গুৰুত্ব নিদিয়ে চৰকাৰী গাঁওবুঢ়াক, নামানে ৰাইজৰ বাধাক ৷ লংকা, ডবকা, কঠিয়াতলী আদি বিভিন্ন ঠাইৰ জুৱাৰী সকলে জুৱা খেলত ভাগ লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ হোজাই আৰক্ষী অধীক্ষকৰ জৰিয়তে এই অসামাজিক কাৰ্য বন্ধ কৰাৰ দাবী জনাইছে শতাধিক ৰাইজে ।
উঠি অহা নৱ প্ৰজন্মৰ জীৱন ধ্বংস হোৱাৰ পূৰ্বেই এই অসামাজিক কাৰ্য বন্ধৰ দাবী জনায় প্ৰতিবাদী ৰাইজে । মুকলিকৈ তীৰ-জুৱাৰ আড্ডাৰ দৃশ্য ম'বাইলত বন্দী কৰিবলৈ যোৱা ৰাইজক দাবী ধমকি প্ৰদান কৰে জুৱাৰীসকলে ৷ অসামাজিক কাৰ্যক বাধা দিবলৈ যোৱা কেবাজন ব্যক্তিৰ ওপৰত ডবকা থানাত গোচৰ ৰুজু কৰে জুৱাৰ আড্ডা চলা ঘৰখনৰ এগৰাকী মহিলাই ৷
প্ৰতিবাদকাৰীসকলৰ ওপৰত মহিলাক অপদস্থ কৰাৰ অভিযোগ তুলি গোচৰ দিয়া হৈছে বুলি জানিব পৰা গৈছে ৷ ইফালে তীৰ জুৱা খেলত বাধা দিয়া যুৱকৰ সৈতে উক্ত জুৱা খেলৰ ঘাটিৰ মহিলাৰ সৈতে তৰ্কা তৰ্কিত লিপ্ত হোৱা ভিডিঅ'ও ভাইৰেল হৈছে সামাজিক মাধ্যমত ৷ জানিব পৰা মতে, ঋষিকেষৰ লগতে এটা চক্ৰই দৈনিক খেলৰ নামত ২ হাজাৰ টকাকৈ ধন লয় বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷
মঙলবাৰে নীলবাগানৰ আশীনগৰ গাঁৱত স্থানীয় সচেতন যুৱকে তীৰ, জুৱা, মদ আদিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে জুৱা খেল বন্ধ কৰক ৷ তীৰ খেলা বন্ধ কৰক ৷ অসামাজিক কাৰ্য বন্ধ কৰক আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক : উত্তৰ পূৱৰ প্ৰৱেশদ্বাৰ শ্ৰীৰামপুৰত উপস্থিত মুখ্যমন্ত্ৰী