ETV Bharat / state

দমন কৰিবৰ বাবেই জাপি দিয়া হৈছে মিছা অভিযোগ : আজমল

author img

By

Published : Dec 6, 2020, 1:06 PM IST

আজমল ফাউণ্ডেশ্যনৰ পুঁজি বিতৰ্ক সন্দৰ্ভত সংবাদ সম্বোধন কৰিলে মৌলানা বদৰুদ্দিন আজমলে ৷ বিতৰ্ক সন্দৰ্ভত উত্থাপিত সকলো অভিযোগ নস্যাৎ সাংসদ গৰাকীৰ ৷ প্ৰয়োজনত অভিযোগকৰ্তা সকলক গৃহ মন্ত্ৰণালয়ৰ তদন্ত কৰিবলৈয়ো আহ্বান জনালে সাংসদ গৰাকীয়ে ৷

বদৰুদ্দিন আজমল
বদৰুদ্দিন আজমল

হোজাই, 6 ডিচেম্বৰ: আজমল ফাউণ্ডেশ্যনৰ পুঁজি বিতৰ্ক সন্দৰ্ভত সংবাদ সম্বোধন কৰিলে মৌলানা বদৰুদ্দিন আজমলে ৷ সাংসদ গৰাকীৰ হোজাইস্থিত বাসগৃহত তেওঁ সম্বোধন কৰে সংবাদমেলখন ৷ শেহতীয়াকৈ “আজমল ফাউণ্ডেশ্যন”লৈ ৪ টা বিদেশী সংস্থাৰ পৰা পুঁজি যোগান ধৰে বুলি অভিযোগ উত্থাপন হৈছে ৷ কেৱল এয়াই নহয়, সেই সংস্থা কেইটাৰ ভিতৰৰ অন্যতম আই এইচ এইচ- ইনচানি ইয়াৰম ভকফিৰ আল কায়দা আৰু আন্তর্জাতিক জেহাদী নেটৱৰ্কৰে সম্পর্ক থকাৰ অভিযোগ আছে ।

প্ৰয়োজনত অভিযোগকৰ্তা সকলক গৃহ মন্ত্ৰণালয়ৰ তদন্ত কৰিবলৈয়ো আহ্বান সাংসদগৰাকীৰ

ইয়াৰ লগতে ব্ৰিটেইনৰ মুছলিম এইডৰ পৰা প্ৰত্যক্ষ আৰ্থিক পুঁজি আজমল ফাউণ্ডেচনলৈ আহে । মুছলিম এইডৰ কাশ্মীৰী সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ সৈতে প্ৰত্যক্ষ সম্পর্ক আছে অভিযোগ উত্থাপন হৈছে ৷ এই সমগ্ৰ অভিযোগক সংবাদমেলযোগে নস্যাৎ কৰে সাংসদ বদৰুদ্দিন আজমলে ৷ লগতে আজমল ফাউণ্ডেশ্যনৰ লগত এআইইউডিএফৰ কোনো ধৰণৰ সম্বন্ধ নাই বুলিও উল্লেখ কৰে তেওঁ ৷

আজমল ফাউণ্ডেশ্যনৰে এআইইউডিএফৰ কোনো সম্বন্ধ নাই: বদৰুদ্দিন আজমল

আজমলে কয় যে, উত্থাপিত এনে অভিযোগ সম্পূৰ্ণ ভিত্তিহীন ৷ যদি তাৰ পাচতো এই সন্দৰ্ভত সন্দেহ আছে তেন্তে গৃহ মন্ত্ৰণালয়ক উচিত তদন্ত কৰিবলৈয়ো আবেদন জনায় সাংসদ গৰাকীয়ে ৷ সংবাদমেলত সাংসদ গৰাকীয়ে বিধায়ক সত্যৰঞ্জন বৰাৰ লগতে কেইবাগৰাকীও নেতা আৰু সংবাদ মাধ্যম সন্দৰ্ভতো মন্তব্য কৰে ৷ তেওঁৰ মতে তেওঁক চাপ প্ৰদান কৰিবৰ বাবে আজমল ফাউণ্ডেশ্যন আৰু এআইইউএফ সম্বন্ধে এনে ধৰণৰ বিতৰ্কৰ সৃষ্টি কৰিছে ৷

আজমল ফাউণ্ডেশ্যনৰ কোনো সভা-সমিতি থাকিলেও সাংসদ গৰাকীয়ে আনকি এগৰাকী ৰাজনৈতিক নেতা হিচাপে নাযায়, যায় এগৰাকী সঞ্চালক বা বিষয়ববীয়া হিচাপেহে ৷ বিটিএডিত গৈ কংগ্ৰেছ আৰু এআইইউডিএফে হাত মিলোৱাৰ পাচৰ পৰাই এনে ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছে ৷ ইয়াৰ আঁৰৰ লিগেল ৰাইটছ অভজাৰ্ভেটৰী নামৰ সংস্থাটোৰ 100 শতাংশই আৰ এছ এছৰ লোক বুলিহে তেওঁ দোষাৰোপ কৰে ৷

লগতে পঢ়ক: বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ওদালবাক্ৰা থানাত এজাহাৰ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.