ETV Bharat / state

আৰক্ষীৰ হাতত লামডিং সংৰক্ষিত বনাঞ্চল ধ্বংসত জড়িত দালালৰ তথ্য - police receive proof of brokers involvement in forest destruction

লামডিং সংৰক্ষিত বনাঞ্চল ধ্বংসত জড়িত একাংশ দালাল ৷ হোজাই আৰক্ষীৰ হাতত আহি পৰিছে একাংশ দালালৰ নাম-ঠিকনা ৷ ইতিমধ্যে দালালৰ সন্ধানত আৰম্ভ হৈছে আৰক্ষীৰ অভিযান ৷

লামডিং সংৰক্ষিত বনাঞ্চল ধ্বংসৰ মূল কাৰণ একাংশ দালাল।

author img

By

Published : Nov 10, 2021, 2:17 PM IST

হোজাই, 10 নৱেম্বৰ : লামডিং সংৰক্ষিত বনাঞ্চল ধ্বংসৰ মূলতে হৈছে একাংশ দালালৰ আধিপত্য ৷ একাংশ দালালৰ ছত্ৰছায়াতে চলিছিল অবৈধ বেদখল কাৰ্য ৷ কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে এই কথা স্বীকাৰ কৰিছিল ৷

আৰক্ষীৰ হাতত লামডিং সংৰক্ষিত বনাঞ্চল ধ্বংসত জড়িত দালালৰ তথ্য
দালাল নজৰুল

এই বেদখল সন্দৰ্ভত হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে ছিণ্ডিকেট চক্ৰ জড়িত থকাৰ কথা প্ৰকাশ কৰিছিল ৷

লগতে চাওক: দ্বিতীয় দিনাও লামডিং বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান

ইতিমধ্যে এই বেদখল কাৰ্যত জড়িত দুগৰাকী দালালৰ ফটোসহ বিতং তথ্য আহি পৰিছে আৰক্ষীৰ হাতত ৷ তাৰে এজন দালালৰ নাম হৈছে নজৰুল ৷ নজৰুলে ধনৰ বিনিময়ত লামডিং বনাঞ্চলৰ ভূমিত বিভিন্ন ঠাইৰ পৰা সন্দেহজনক লোক আনি বন ধ্বংসযজ্ঞ চলাইছিল বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ সেয়ে হোজাই আৰক্ষীয়ে আৰম্ভ কৰিছে দালাল বিৰোধী অভিযান ৷

উল্লেখ্য যে, 9 আৰু 10 নৱেম্বৰত লামডিং বনাঞ্চলত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে চলিছিল উচ্ছেদ অভিযান ৷ অভিযানৰ কালচোৱাত দুই-এক সৰু ঘটনাৰ বাদে তেনে কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাছিল ৷

লগতে চাওক: নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ দিশে বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.