ETV Bharat / state

পৰীক্ষা অবিহনেই হোজাইত কৰ'ণা পজিটিভ এগৰাকী লোক!

কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰোৱাকৈয়ে হোজাইত এগৰাকী লোকৰ দেহত পোৱা গ'ল COVID-19ৰ অৱস্থিতি । 2 নং কাকী ঠাইচুপাৰ পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সচিব সম্ভূৰাম সুত নামৰ লোকগৰাকীয়ে এই পৰ্যন্ত কৰা নাই কৰ'ণা সম্বন্ধীয় কোনো ধৰণৰ পৰীক্ষা ।

one person tested corona positive in hojai without any test
পৰীক্ষা অবিহনেই হোজাইত কৰ'ণা পজিটিভ এগৰাকী লোক!
author img

By

Published : Jul 4, 2020, 1:23 PM IST

হোজাই, 4 জুলাইঃ হোজাইৰ কাকীত স্বাৱ পৰীক্ষা নকৰোৱাকৈয়ে কৰ'ণা পজিটিভ পালে এগৰাকী লোকৰ দেহত । 2 নং কাকী ঠাইচুপাৰ পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সচিব সম্ভূৰাম সুত নামৰ লোকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি,তেওঁ এই পৰ্যন্ত কৰ'ণা পৰীক্ষাৰ বাবে দিয়া নাই কোনো স্বাৱৰ নমুনা । তৎসত্বেও তেওঁৰ দেহত কৰ'ণাৰ অৱস্থিতি পোৱা বুলি জনাৰ পিচত সম্প্ৰতি শংকিত পৰিছে লোকজন ।

পৰীক্ষা অবিহনেই হোজাইত কৰ'ণা পজিটিভ এগৰাকী লোক!

উল্লেখ্য যে,যোৱা 25 জুনত 2 নং কাকী আদৰ্শ হাইস্কুলত এটা কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰি 50 গৰাকী লোক থকাৰ ব্যৱস্থা কৰা হৈছিল গাঁও পঞ্চায়তৰ কৰ্মকৰ্তাৰ লগতে, স্থানীয় কেইবাগৰাকীও লোকৰ সহযোগত । যাৰ বাবে সেই কেন্দ্ৰটোৰ লগত জড়িত হৈ থকা পঞ্চায়তৰ লোককে ধৰি কেইবাগৰাকীও লোকৰ স্বাৱ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল 1নং কাকী উপ স্বাস্থ্যকেন্দ্ৰত । কিন্তু উক্ত দিনটোত ব্লকত থকা কোনো জৰুৰী সভাৰ বাবে আহিব পৰা নাছিল পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সচিব সম্ভূৰাম সুত । কোনো খেলিমেলিৰ বাবে স্বাৱ পৰীক্ষা নকৰোৱাকৈয়ে লোকজনৰ দেহত কৰ'ণাৰ অৱস্থিতি পোৱা বুলি জানিবলৈ দিয়ে পঞ্চায়তৰ কৰ্মকৰ্তাসকলে ।

পৰীক্ষা অবিহনেই লোকগৰাকীৰ নাম সন্নিবিষ্ট হ'ল পজিটিভ তালিকাত

লগতে পঢ়কঃ কলিয়াবৰত অচিন ৰোগত আক্ৰান্ত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.