হোজাই,5 জুন: শেহতীয়াকৈ হোজাই জিলাৰ লংকাত এজন ব্যক্তিৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ ভাইৰাছবিধত আক্ৰান্ত হোৱা ব্যক্তিজন ২৬ মে’ত পুনেৰ পৰা আহি লংকাৰ ফাতিমা হোটেলত কোৱাৰেণ্টাইনত আছিল । আক্ৰান্ত যুৱকজনৰ ঘৰ লংকাৰ সমীপৰ নখুটীত বুলি জানিব পৰা গৈছে ৷ এই খবৰ লাভ কৰাৰ পিছতে যুৱকজনক যমুনামুখস্থিত কৰ’ণা চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্বাস্থ্য বিভাগে ৷
লগতে চাওকঃ 8 জুনৰ পৰা পুনৰ মুকলি হ'ব ধৰ্মীয় উপাসনাস্থলীঃ উৎফুল্লিত ভক্তপ্ৰাণ ৰাইজ