ETV Bharat / state

হোজাইৰ লংকাত এন আৰ চি সন্দৰ্ভত সজাগতামূলক সভা - হোজাই জিলা প্ৰশাসন

এন আৰ চি তালিকা প্ৰকাশক লৈ যাতে জনসাধাৰণ চিন্তিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা প্ৰশাসনে অনুষ্ঠিত কৰিছে সজাগতা মূলক সভা ৷ উক্ত সভাত জিলা উপায়ুক্ত তন্ময় প্ৰতীম বুঢ়াগোহাঁই,আৰক্ষী অধীক্ষক অংকুৰ জৈন, লংকা পৌৰ সভাৰ পৌৰপতি বিজু ভট্টাচাৰ্য সহ উপস্থিত থাকে বহুসংখ্যক লোক

হোজাইৰ লংকাত এন আৰ চি সন্দৰ্ভত সজাগতামূলক সভা
author img

By

Published : Aug 29, 2019, 6:33 PM IST

হোজাই, 29 আগষ্টঃ চলিত মাহৰ ৩১ আগষ্টত প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত তালিকা ৷ এন আৰ চি তালিকা প্ৰকাশক লৈ যাতে জনসাধাৰণ চিন্তিত নহয় তাক লৈ সজাগতা মূলক সভা অনুষ্ঠিত কৰিছে হোজাই জিলা প্ৰশাসনে ৷ বৃহস্পতিবাৰে লংকা হাইস্কুলৰ প্ৰেক্ষাগৃহত হোজাই জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এক সজাগতা মূলক সভা ৷ উক্ত সভাত জিলা উপায়ুক্ত তন্ময় প্ৰতীম বুঢ়াগোহাঁই,আৰক্ষী অধীক্ষক অংকুৰ জৈন,লংকা পৌৰ সভাৰ পৌৰপতি বিজু ভট্টাচাৰ্য সহ উপস্থিত থাকে বহুসংখ্যক লোক ৷

হোজাইৰ লংকাত এন আৰ চি সন্দৰ্ভত সজাগতামূলক সভা

উল্লেখ্য যে, এন আৰ চিৰ তালিকাত হোজাই জিলাৰ বহু ৰাইজৰ নাম অন্তৰ্ভূক্ত হৈছে যদিও প্ৰয়োজনীয় নথি পত্ৰ দাখিল কৰিব নোৱাৰাত কৰ্তন হৈছে বহুতৰ নাম ৷ যিসকলৰ নাম এন আৰ চিৰ তালিকাত কৰ্তন হৈছে তাক লৈ চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলি সাংবাদিকৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মন্তব্য কৰে জিলা উপায়ুক্ত গৰাকীয়ে ৷ লগতে এন আৰ চি কেন্দ্ৰলৈ গ'লেই এন আৰ চিৰ তালিকাত নাম কৰ্তন হোৱা সকলে অনলাইনৰ জৰিয়তে তেওঁলোকৰ নাম কৰ্তন হোৱাৰ কাৰণ জানিব পাৰিব বুলি উল্লেখ কৰে৷ তাৰোপৰি উৰা বাতৰিৰ প্ৰতি ৰাইজক গুৰুত্ব নিদিবলৈও সকলোকে আহ্বান জনাই উপায়ুক্ত গৰাকীয়ে ৷

Intro:হোজাই জিলা লংকাত এন আৰ চি সন্দৰ্ভত সজাগতামূলক সভা |
Body:হোজাই জিলা লংকাত এন আৰ চি সন্দৰ্ভত সজাগতামূলক সভা |

চলিত মাহৰ ৩১ আগষ্ট তাৰিখে প্ৰকাশ পাৱ এন আৰ চিৰ চুড়ান্ত তালিকা | এন আৰ চি তালিকা প্ৰকাশ পোৱা ক্ষেত্ৰত যাতে জনসাধাৰণ আশংকীত নহয় তাক লৈ সজাগতা মূলক সভা অনুষ্ঠিত কৰিছে হোজাই জিলা প্ৰশাসনে | বৃহস্পতিবাৰে লংকা হাই স্কুলৰ প্ৰেক্ষাগৃহ হোজাই জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এক সজাগতা মূলক সভা | উক্ত সভাত জিলা উপায়ুক্ত তন্ময় প্ৰতিম বুঢ়াগোহাঁই,আৰক্ষী অধিক্ষ্যক অংকুৰ জৈন,লংকা পৌৰ সভাৰ পৌৰ পতি বিজু ভট্টাচাৰ্য্য সহ লংকাৰ গণ্যমান্য ৰাইজসকল উপস্হিত থাকে |উল্লেখ যে,
বিগত প্ৰায় পাচ বছৰৰ ধৰি উচ্চতম ন্যায়ালয়ৰ নেতৃত্বত অসমত পূৰ্ণ গতিত চলি আছিল এন আৰ চি তালিকাত নাম অন্তৰ্ভূক্ত কাম | উক্ত এন আৰ চি তালিকাত হোজাই জিলাত বহু ৰাইজৰ নাম অন্তৰ্ভূক্ত হৈছে যদিও প্ৰয়োজনীয় নথি পত্ৰ দাখিল কৰিব নোৱাৰাত বহুতৰ নাম কৰ্তনও হৈছে | সেয়হে যিসকলৰ নাম এন আৰ চিৰ তালিকাত নাম কৰ্তন হৈছে তাক লৈ চিন্তিত হোৱাৰ কোনো প্ৰশ্ন নাই বুলি সাংৱাদিকৰ লগত হোৱা এক আছুতীয়া সাক্ষাত্কাৰত মন্তব্য প্ৰকাশ কৰে
জিলা উপায়ুক্ত মহোদয়ে | উপাযুক্ত মহোদয়ে লগতে কয় যে,পূৰ্বেই তালিকাত নাম অহা সকলক বাদ দি, যি সকলক সাক্ষী আৰু নতিচ কৰা হৈছিল সেইসকল এন আৰ চি কেন্দ্ৰলৈ গলেই হল আনহাতে এন আৰ চিৰ তালিকাত নাম কৰ্তন হোৱা সকলে অনলাইন জৰিয়তে তেওলোকৰ নাম কিয় কৰ্তন হল তাকো জানিব পাৰিৱ | নাম কৰ্তন হোৱা সকলে পুনৰ আবেদন কৰিবৰ বাবে ১২০ দিন সময়ও পাৱ | লগতে এন আৰ চি তালিকাত নাম কৰ্তন হোৱা সকলৰ কোনো কাৰণত ভোটাৰ তালিকাত নাম কৰ্তন নহয়, ৰেচন কাৰ্ড নাইৱা চৰকাৰ ফালৰ পৰা দিয়া অইন বেনিফিত কাৰ্ড কোনো কাৰণতেই কৰ্তন নহয় | লগতে উৰা বাতৰি প্ৰতি ৰাইজক গুৰুত্ব নিদিবলৈ আহ্বান উপাযুক্ত গৰাকীৰ | এনে উৰা বাতৰি বিয়পিওৱা সকলৰ ক্ষেত্ৰত আইনী ব্যৱস্হা গ্ৰহণ কৰা হৱ বুলিও মন্তব্যত প্ৰকাশ কৰে উপাযুক্ত গৰাকীয়ে | প্ৰযোজনহলে জিলাখনত ১৪৪ ধাৰাও প্ৰযোজ্য কৰা হব বুলি উল্লেখ কৰে | হোজাই জিলাত সৰ্বমুঠ ৮৫ তা NSK Center আৰু ৬১টা হেয়াৰিং চেন্টাৰত পূৰ্ণ গতিত কাম চলিছিল বুলিও উপাযুক্ত গৰাকীয়ে জানিব দিয়ে |

BYTE: উপাযুক্ত/ আৰক্ষী অধীক্ষক

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.