হোজাই,29 জানুৱাৰী: হোজাই জিলা প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে কাছাৰী মৈদান শংকৰদেৱ নগৰত অনুষ্ঠিত হয় অসম চৰকাৰৰ দ্বাৰা ঘোষিত স্বয়ম আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান ৷ আঁচনিৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ পাৰ্বত্য উন্নয়ন আৰু খনি বিভাগৰ মন্ত্ৰী চুম ৰংহংঙে । হোজাই জিলাত স্বয়ম আঁচনিৰ এই শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ লগতে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, চৰকাৰী বিষয়ববীয়া আৰু বিজেপিৰ কৰ্মীবৃন্দ ৷
উক্ত অনুষ্ঠানতে হোজাই জিলাত স্বয়ম আঁচনিৰ 6 গৰাকী হিতাধিকাৰীক চেক প্ৰদান কৰা হয় ৷ লগতে 1200 জন হিতাধিকাৰীক বেংক একাউণ্টৰ জৰিয়তে নিৰ্দিষ্ট ধনৰাশি প্ৰদান কৰা হ'ব বুলি জনাইছে বিষয়ববীয়া সকলে ৷
লগতে পঢ়কঃ কৰিমগঞ্জত চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত