ETV Bharat / state

ক’ভিড পৰিস্থিতিৰ বুজ ল'বলৈ হোজাইত উপস্থিত মুনীন্দ্ৰ নাথ নাগাটে - হোজাইত উপস্থিত মুনীন্দ্ৰ নাথ নাগাটে

দেওবাৰে হোজাইত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক মুনীন্দ্ৰ নাথ নাগাটে ৷ মুনীন্দ্ৰ নাথ নাগাটেই জিলাখনৰ ডবকা আৰু লংকাৰ দুটাকৈ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰা হৈছে নে নাই তাৰ বুজ লয় ৷

munindra-nath-nagatei-visited-hojai
হোজাইত উপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ ল’লে মুনিন্দ নাথ নগাটেই
author img

By

Published : May 30, 2021, 8:24 PM IST

হোজাই, 30 মে’ : ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ সংহাৰ ৷ কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ ৷ ৰাজ্যৰ জিলাসমূহতো কৰ'ণা মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সকলো সময়ত সাজু হৈ আছে জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগ ৷

ক’ভিড পৰিস্থিতিৰ বুজ ল'বলৈ হোজাইত উপস্থিত মুনীন্দ্ৰ নাথ নাগাটে

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে হোজাই জিলাতো কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷ সমান্তৰালকৈ বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও ৷ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কৰ’ণাৰ সংক্ৰমণ ৰোধ আৰু কৰ’ণা ৰোগীৰ চিকিৎসাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা কৰা হৈছে ৷ তদুপৰি জিলাখনৰ বিভিন্ন স্থানত অব্যাহত আছে প্ৰতিষেধক প্ৰদানৰ অভিযান ৷

দেওবাৰে হোজাইত উপস্থিত হৈ ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক মুনীন্দ্ৰ নাথ নাগাটেই জিলাখনৰ ডবকা আৰু লংকাৰ দুটাকৈ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে ৷ প্ৰতিষেধক প্ৰদান কেন্দ্ৰকেইটা পৰিদৰ্শন কৰি নাগাটেই চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰা হৈছে নে নাই সেই কথাৰো বুজ লয় ৷ হোজাই জিলাৰ দুয়োটা কেন্দ্ৰ পৰিদৰ্শন কৰি পৰৱৰ্তী সময়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালকগৰাকী কাৰ্বি আংলঙলৈ বুলি ৰাওনা হয় ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো দিল্লী যাত্ৰা ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.