ETV Bharat / state

খাদ্যত বিষক্ৰিয়া হৈ আক্ৰান্ত লংকাৰ ৩০০ৰো অধিক লোক - মনসা পূজাৰ খাদ্য গ্ৰহণ কৰি আক্ৰান্ত হৈছে বহু লোক

হোজাইৰ লংকাৰ ৭নং ৱাৰ্ডৰ ৰংমহলাত খাদ্যত বিষক্ৰিয়া হৈ আক্ৰান্ত তিনিশ জনৰো অধিক লোক । মঙলবাৰে পূজাৰ প্ৰসাদ আৰু অন্যান্য খাদ্য সামগ্ৰীত বিষক্ৰিয়া হোৱাৰ ফলত লোকসকল আক্ৰান্ত হোৱাৰ সন্দেহ স্থানীয় লোকৰ ।

food poisoning
খাদ্যত বিষক্ৰিয়া হৈ আক্ৰান্ত লংকাৰ ৩০০ৰো অধিক লোক
author img

By

Published : Aug 19, 2021, 9:02 PM IST

হোজাই,১৯ আগষ্ট : হোজাই জিলাৰ লংকাত ৰহস্যজনক ঘটনা । মনসা পূজাৰ খাদ্য গ্ৰহণ কৰি আক্ৰান্ত হৈছে বহু লোক । মঙলবাৰে লংকাৰ ৭ নং ৱাৰ্ডৰ বকুল চন্দ্ৰ দাসৰ ঘৰত মনসা পূজাৰ আয়োজন কৰা হৈছিল ।

পূজালৈ ৱাৰ্ডটোৰ লোকসকল গৈছিল আৰু পূজাত প্ৰসাদকে ধৰি আন খাদ্য সামগ্ৰীও গ্ৰহণ কৰিছিল । কিন্তু তাৰ পাছতে লোকসকল বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰে । সাধাৰণ চিকিৎসা গ্ৰহণ কৰাৰ পাছতো এতিয়ালৈ সুস্থ হোৱা নাই বহুলোক । লোকসকলৰ বমি, জ্বৰ, মূৰ ঘূৰণি আদি হৈছে বুলি জানিব পৰা গৈছে ।

খাদ্যত বিষক্ৰিয়া হৈ আক্ৰান্ত লংকাৰ ৩০০ৰো অধিক লোক

এই ঘটনাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে । ইফালে লংকা স্বাস্থ্য বিভাগেও এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে । জানিব পৰা মতে ৱাৰ্ডটোৰ প্ৰায় প্ৰতিটো পৰিয়ালৰে তিনি চাৰিজনকৈ লোক অসুস্থ হৈছে । উন্নত চিকিৎসাৰ বাবে একাংশ লোকে হোজাই আৰু নগাঁৱৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :যোৰহাট কেন্দ্ৰীয় কাৰাগাৰক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব ৰাজ্য চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.