হোজাই, 19 ছেপ্টেম্বৰ : নিৰ্বাচন আহিলেই যেন বিভিন্ন দলত যোগদান পৰ্বৰ ধুম উঠে সমষ্টিয়ে সমষ্টিয়ে । আগন্তুক ২০২১ ৰ বিধানসভা নিৰ্বাচনক লৈয়ে যেন ৰাজ্যত এতিয়া চলিচে এটা দলৰ পৰা আন এটা দললৈ যোগদান কাৰ্যসূচী। অতিমাৰী ক'ৰণাৰ মাজতো পূৰ্ণোদ্যমে চলিছে এই মহাপৰ্ব । হোজাই জিলা ভাৰতীয় যুৱ মৰ্চাৰ উদ্যেগতো অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচী ।
জিলাখনৰ লামডিং সমষ্টিৰ কাকী মণ্ডল যুৱ মৰ্চাৰ সহযোগত ২ নং কাকী মাধবদেৱ হাইস্কুলত অনুষ্ঠিত যোগদান অনুষ্ঠানটোত সমষ্টিটোৰ বিভিন্ন পঞ্চায়তৰ তিনি শতাধিক কংগ্ৰেছ - এ আই ইউ ডি এফৰ নেতা-কৰ্মীয়ে যোগদান কৰে বিজেপি দলত । জিলা সভাপতি অনুপ দেব, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, যুৱ মৰ্চাৰ জিলা সভাপতি বিনয় কলিতাকে ধৰি দলটোৰ বহুকেইজন জিলা নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী ।
ইপিনে, যোগদান কাৰ্যসূচীৰ পূৰ্বে যুৱ মৰ্চাৰ উদ্যেগত অনুষ্ঠিত হয় কৃতী ছাত্ৰ-ছাত্ৰীৰ এক সম্বৰ্ধনা অনুষ্ঠান । দুয়োটা অনুষ্ঠানতে উপস্থিত থাকে লামডিঙৰ বিধায়ক শিবু মিশ্ৰ আৰু জিলা বিজেপিৰ সভাপতি অনুপ দেব ।
লগতে পঢ়ক : বিটিচি পৰিষদীয় নিৰ্বাচন পিছুওৱা সন্দৰ্ভত প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া