ETV Bharat / state

Flood review meeting in Hojai: হোজাইত বানৰ ক্ষয়-ক্ষতিৰ পৰ্যালোচনা সভা - Flood review meeting in Hojai

হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত শনিবাৰে নিশা বানৰ ক্ষয়-ক্ষতিৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিবলৈ নিয়োগ কৰা পুণৰীক্ষণ দলৰ সৈতে এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় (Flood review meeting in Hojai)। উক্ত পৰ্যালোচনা সভাত উপস্থিত থাকে স্বাস্থ্য় মন্ত্ৰী কেশৱ মহন্ত ।

ৱ
Flood review meeting in Hojai: হোজাইত বানৰ ক্ষয়-ক্ষতিৰ পৰ্যালোচনা সভা
author img

By

Published : Jul 24, 2022, 1:32 PM IST

হোজাই,২৪ জুলাই: হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত শনিবাৰে নিশা বানৰ ক্ষয়-ক্ষতিৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিবলৈ নিয়োগ কৰা পুণৰীক্ষণ দলৰ সৈতে বৈঠকত মিলিত হয় স্বাস্থ্য়মন্ত্ৰী কেশৱ মহন্ত (Flood review meeting in Hojai)। সভাখনত প্ৰতিটো দলে প্ৰস্তুত কৰা তালিকাৰ বিষয়ে বিতংভাৱে বুজ লৈ পৰৱৰ্তী দিনত প্ৰতিটো ৰাজহ চক্ৰতে সঠিকভাৱে তালিকাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ আগবঢ়াই মন্ত্ৰী কেশৱ মহন্তই । এই বৈঠকখনত হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী,ৰাজ্য চৰকাৰৰ যুটীয়া সচিব তথা অতিৰিক্ত স্বাস্থ্য সেৱা সঞ্চালক প্ৰদীপ টিমুং,উপ-সচিব তথা অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ৰনবীৰ বৰা উপস্থিত থাকে ।

উল্লেখ্য় যে, হোজাই জিলাৰ বান ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্য সংগ্ৰহৰ বাবে প্ৰশাসনে চলোৱা জৰীপকাৰ্যৰ বিষয়ে চৰজমিন বুজ লোৱাৰ উদ্দেশ্যে শনিবাৰে জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত মিলিত হয় মন্ত্ৰী কেশৱ মহন্ত । জিলাখনৰ বানে প্ৰভাৱিত কৰা অঞ্চল সমূহত উপায়ুক্তৰ নেতৃত্বত গঠন কৰি দিয়া জৰীপকাৰী দলে সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা ক্ষয়-ক্ষতিৰ তালিকাত হোজাই ৰাজহচক্ৰৰ ৫৪ খন গাঁও, ডবকা ৰাজহ চক্ৰৰ ২২খন গাঁও আৰু লংকা ৰাজহ চক্ৰৰ ১২ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে ।

তদুপৰি সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱা আৰু আংশিকভাৱে বিধ্বস্ত ৫৩১৪ টা গৃহৰ ক্ষয়-ক্ষতিৰ তথ্য প্ৰদান কৰা হৈছে স্বাস্থ্য় মন্ত্ৰীগৰাকীক ।

বানৰ ক্ষয়-ক্ষতিৰ প্ৰস্তুত হোৱা তালিকা পুণৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশ অনুযায়ী ৰাজ্য চৰকাৰৰ তিনিগৰাকী জ্যেষ্ঠ বিষয়াৰ নেতৃত্বত ষাঠি জনীয়া বিষয়া-কৰ্মচাৰীৰ এটি দল হোজাই জিলাত উপস্থিত হয় । শেহতীয়া বানত বিধ্বস্ত জিলাখনৰ তিনিওটা ৰাজহ চক্ৰতে এই বিষয়া আৰু কৰ্মচাৰী সকলক ১২ টা দলত বিভক্ত কৰি নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত ক্ষয়-ক্ষতিৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰাৰ বাবে দায়িত্ব দিয়া হৈছিল । উল্লেখ্য় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ১৫ আগষ্টৰ ভিতৰতে বানে প্ৰভাৱিত কৰা লোকসকলক নিৰ্দ্ধাৰিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক:APSC Scam : দুমাহত প্ৰতিবেদন দিব নোৱাৰিলে চৰকাৰে গঠন কৰা উচ্চস্তৰীয় সমিতিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.