ETV Bharat / state

গণ সংক্ৰমণৰ দিশে হোজাই, 5 স্বাস্থ্যকৰ্মী কোভিড-19 পজিটিভ - Mass Transmission in Hojai primary Hospital

হোজাই জিলাত আশা কৰ্মী, নাৰ্চ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসহ পাঁচ গৰাকী মহিলা কোভিড-19 পজিটিভ ৷ জিলাখনৰ লংকা প্ৰাথমিক চিকিৎসালয়ত আজিলৈকে কৰ্মৰত আছিল এগৰাকী পজিটিভ কৰ্মচাৰী ৷

Mass Transmission in Hojai primary Hospital, 5 health worker tests positive
গণ সংক্ৰমণৰ দিশে হোজাই জিলা
author img

By

Published : Jun 28, 2020, 9:59 PM IST

হোজাই, 28 জুন : গণ সংক্ৰমণৰ দিশে আগবাঢ়িছে বৃহত্তৰ হোজাই ৷ দেওবাৰে দিনৰ ভাগত হোজাইৰ লংকা প্ৰাথমিক চিকিৎসালয়ত কৰ্মৰত 5গৰাকী স্বাস্থ্যকৰ্মীক কোভিড-19 পজিটিভ পোৱা গৈছে ৷ চিকিৎসালয়খনত কৰ্মৰত আশা কৰ্মী, নাৰ্চ, চতুৰ্থবৰ্গৰ কৰ্মচাৰীসহ 5গৰাকী মহিলাৰ দেহত পোৱা গৈছে মাৰাত্মক কৰ'ণা ভাইৰাছ ৷

জিলা স্বাস্থ্য বিভাগৰ দলৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে এই ভয়ংকৰ তথ্য ৷ বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, কিছুদিন পূৰ্বে তেওঁলোকৰ নমুনা সংগ্ৰহ কৰা হৈছিল আৰু আজি ইয়াৰ ভিতৰত 5গৰাকীৰ দেহত কোভিড-19 পজিটিভ পোৱা গৈছে ৷

গণ সংক্ৰমণৰ দিশে হোজাই জিলা

কোভিড-19 পজিটিভ পোৱা 5 গৰাকী কৰ্মচাৰী ক্ৰমে আশা কৰ্মী খাতিমুন নেচা, লাইলি বেগম, চুফিয়া বেগম, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত কৰ্মৰত তাৰা দেৱী আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সুখু মনি দত্ত বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, এই আটাইকেইগৰাকী মহিলাৰ নাছিল কোনো ভ্ৰমণ পৰিক্ৰমা ।যাৰ বাবে এতিয়া হোজাইত গণ সংক্ৰমণ হোৱাৰ সম্ভাৱনাই দেখা দিছে । বৰ্তমান চিকিৎসালয়খনৰ মুখ্য দ্বাৰ বন্ধ কৰি দিয়াৰ লগতে চিকিৎসালয়খনৰ ভিতৰ ভাগ ছেনিটাইজ কৰা হৈছে ।

লগতে পঢ়কঃ সোণোৱালক ফোন কৰি বান পৰিস্থিতিৰ বুজ ল'লে অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.