ETV Bharat / state

হোজাইত লাভ জেহাদ : আত্মহত্যাৰ ভাবুকি যুৱতীৰ

হোজাইত সংঘটিত হৈছে এক লাভ জেহাদৰ ঘটনা ৷ প্ৰেমিকৰ ঘৰত শতাধিক যুৱকৰ আক্ৰমণৰ গুৰুতৰ অভিযোগ উত্থাপন ৷

author img

By

Published : Jun 19, 2019, 1:09 PM IST

Updated : Jun 19, 2019, 3:53 PM IST

হোজাইত লাভ জেহাদ

হোজাই, 19 জুন : হোজাইৰ উত্তৰ ডিমৰুপাৰত সংঘটিত হৈছে এক লাভ জেহাদৰ ঘটনা ৷ এগৰাকী হিন্দু যুৱতীক এজন মুছলিম প্ৰেমিকে পলুৱাই নিয়া ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত আৰ এচ এচ আৰু বজৰং সদস্যই লণ্ডভণ্ড কৰিলে প্ৰেমিকৰ বাসগৃহ ৷ প্ৰেমিক মতিউৰ ৰহমানৰ ঘৰত ইটা, শিলগুটিৰে আক্ৰমণ কৰাৰ লগতে বাসগৃহ লণ্ডভণ্ড কৰে ৷

হোজাইত লাভ জেহাদ

উল্লেখ্য যে, ডিমৰুপাৰৰ ফজল হকৰ পুত্ৰ মতিউৰ ৰহমানৰ লগত স্থানীয় এগৰাকী যুৱতীৰ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল ৷ কেইদিনমান পূৰ্বে যুৱতীগৰাকীয়ে মতিউৰৰ সৈতে গোপনে বিবাহত বহাৰ লগতে অন্তঃসত্তা বুলি দাবী কৰি সমস্ত ভিডিঅ' চ'ছিয়েল মিডিয়াত ভাইৰেল কৰিছিল ৷ লগতে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে কোনো লোকৰ লগত বলপূৰ্বক বিবাহৰ চেষ্টা কৰা বাবে মতিউৰৰ সৈতে পলাই যোৱা বুলি চ'ছিয়েল মিডিয়াত স্বীকাৰ কৰিছিল ৷ এইয়া লাভ জেহাদৰ পৰিণতি বুলি মন্তব্য কৰি আৰ এচ এচ আৰু বজৰং দলে প্ৰেমিকৰ ঘৰত এনেদৰে আক্ৰমণ চলায় ৷ এই আক্ৰমণৰ পাছতে মতিউৰৰ পৰিয়ালৰ লোকে হোজাই থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ ইফালে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে যুৱতীগৰাকীক অতি শীঘ্ৰে উদ্ধাৰ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৷

Intro:হোজাইৰ উত্তৰ ডিমৰুপাৰত সংঘটিত হৈছে এক লাভ জেহাদৰ ঘটনা৷Body:হোজাইত লাভ জেহাদ৷
উত্তেজিত আৰ এচ এচ আৰু বজৰং দলৰ সদস্যই লণ্ড ভণ্ড কৰিলে প্ৰেমিকৰ বাসগৃহ

হোজাইৰ উত্তৰ ডিমৰুপাৰত সংঘটিত হৈছে এক লাভ জেহাদৰ ঘটনা৷ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনা৷ এগৰাকী হিন্দু যুৱতীকএজন মুছলিম প্ৰেমিকে পলুৱাই নিয়াক কেন্দ্ৰ কৰি উত্তেজিত আৰ এচ এচৰ সদস্যই লণ্ডভণ্ড কৰিলে প্ৰেমিকৰ বাসগৃহ৷

হয় হোজাইৰ উত্তৰ ডিমৰুপাৰত এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতীক এজন মুছলিম যুৱকে পলোৱাই নিয়াক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে অঞ্চলটি৷ঘটনাক কেন্দ্ৰ কৰি আৰ এছ এচ আৰু বজৰং দলে প্ৰেমিক মতিউৰ ৰহমানৰ ঘৰত ইটা,শিলগুটি আদিৰে আক্ৰমণ কৰাৰ লগতে লণ্ড ভণ্ড কৰে প্ৰেমিকৰ ঘৰ দুৱাৰ৷উল্লেখ্য যে ডিমৰুপাৰৰ ফজল হকৰ পুত্ৰ মতিউৰ ৰহমানৰ লগত স্থানীয় এগৰাকী যুৱতীৰ লগত দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল৷ কেইদিনমান পূৰ্বে যুৱতীগৰাকীয়ে প্ৰেমিক মতিউৰৰ লগত পলাই গৈ কৰবাত গোপনে বিবাহ কাৰ্য সম্পন্ন কৰে আৰু ছাত্ৰীগৰাকী অন্তসত্তা বুলি দাবী কৰি ইয়াৰ সমস্ত ভিডিঅ ছচিয়েল মেডিয়াত ভাইৰেল কৰে৷ ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে বলপূৰ্বক বিবাহ দিয়াৰ চেষ্টা কৰাৰ বাবে ছাত্ৰীগৰাকীয়ে প্ৰেমিকৰ লগত পলাই যোৱাৰ কথা স্বীকাৰ কৰি এটা ভিডিঅ চছিয়েল মেডিয়াত ছাত্ৰীগৰাকীয়ে আপলোড কৰাৰ পিছতে হোজাইত এই ঘটনা লাভ জেহাদৰ পৰিনতি বুলি মন্তব্য কৰে আৰ এচ এচ আৰু বজৰং দলৰ লোকে৷ইয়াৰ পিছতে প্ৰেমিকৰ ঘৰত এইদৰে আক্ৰমণ কৰে উত্তেজিত সদস্যসকলে৷এই আক্ৰমণৰ পিচতে মতিউৰৰ পৰিয়ালৰ লোকে হোজাই থানাত এখন এজাহাৰ দাখিল কৰে আৰ এছ এচৰ উত্তেজিত সদস্য সকলৰ বিৰুদ্ধে৷ইফালে যুৱতীৰ পৰিয়ালৰ লোকে যুৱতীগৰাকীক অতি শীঘ্ৰে উদ্ধাৰ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে৷

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
Last Updated : Jun 19, 2019, 3:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.