হোজাই, 3 মে' : হোজাই জিলাৰ লংকাত প্ৰশাসনৰ আজৱ কাণ্ড ৷ লংকাৰ 7 নং ৱাৰ্ডত হোজাই জিলা বিজেপি যুৱ মৰ্চাই মাস্ক বিতৰণ বাবে লক্ ডাউন ভংগ কৰি পাতিলে সভা ৷
প্ৰশাসনৰ নীতি-নিৰ্দেশনাক অমান্য কৰি উক্ত কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক শিলাদিত্য দেব, অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাস, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজ্যোতি শৰ্মা আৰু বিজেপিৰ বহু নেতা-পালিনেতা ৷
যি সময়ত কৰ'ণা ভাইৰাছৰ সক্ৰমণ ৰোধৰ বাবে দেশত অব্যাহত আছে লক্ ডাউন সেই সময়তে প্ৰশাসনৰ লোকে লক্ ডাউন ভংগ কৰাক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল ৷
আনকি উক্ত বিষয় সন্দৰ্ভত সাংবাদিকে বিধায়ক শিলাদিত্য দেবক প্ৰশ্ন কৰাত বিধায়ক গৰাকীয়ে এৰা-ধৰাৰ মাজেৰে চলিব লাগিব বুলি মন্তব্য প্ৰদান কৰে ৷
লগতে পঢ়ক : অৰুণাচলৰ পৰা খোজকাঢ়ি জোনাইত উপস্থিত অসমৰ শ্ৰমিক