ETV Bharat / state

কাৰ্বি ভূমিত বহুকেইটা আঁচনিৰ আধাৰশিলা স্থাপন তুলিৰাম ৰংহাঙৰ

বিথোঙ-ৰেংথেমা সমষ্টিত আঁচনিৰ আধাৰশিলা স্থাপন-শুভ উদ্বোধন তুলিৰাম ৰংহাঙৰ আৰু হৰেনসিং বে’ৰ ৷ ডংকামোকাম আৰু বৰ-ডংকাত দুটাকৈ পথ নির্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে ক্ৰমে মুখ্য কাৰ্যবাহী সদস্য আৰু সাংসদ দুগৰাকীয়ে ৷

উপস্থিত তুলিৰাম ৰংহাং আৰু হৰেনছিং বেৰ
বহুকেইটা আঁচনিৰ আধাৰশিলা স্থাপন-শুভ উদ্বোধন
author img

By

Published : Dec 21, 2020, 10:20 PM IST

হোজাই, 21 ডিচেম্বৰ : পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদৰ পৰিষদীয় 6 নম্বৰ বিথোঙ-ৰেংথেমা সমষ্টিত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু ডিফুৰ সাংসদ হৰেনছিং বে’য়ে কেইবাটাও চৰকাৰী আঁচনিৰ আনুষ্ঠানিক শুভ উদ্বোধন কৰাৰ লগতে আন দুটাকৈ পথ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে ৷ উল্লেখযোগ্য যে, কাৰ্বি আংলং জল সম্পদ বিভাগৰ অধীনত তৰাডুবিত এটা নৱ নিৰ্মিত অতিথিশালা, ডংকামোকামত উক্ত বিভাগটোৰ অধীনত নিৰ্মাণ সম্পূৰ্ণ কৰা অতিথিশালা তথা কাৰ্যালয়, ডংকামোকামৰ ৰংকিমিত এটি ৰাজহুৱা প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন কৰে দুয়োগৰাকীয়ে ৷

ইয়াৰোপৰি, ডংকামোকাম আৰু বৰ-ডংকাত দুটাকৈ পথ নির্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে মুখ্য কাৰ্যবাহী সদস্য আৰু সাংসদ দুগৰাকীয়ে ৷ সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলঙৰ কাৰ্বি ৰংচপিত নকবাৰে লংৰী হাভে আমাইৰ উদ্যোগত আয়োজন কৰা এখন মুকলি সভাত হাভে, লংৰী আচাৰ আৰু ৰং আচাৰসকলকৰ মাজত কাৰ্বি পৰিষদৰ তৰফৰ পৰা পৰম্পৰাগত বেজ অৰ্থাৎ পৰিচয় চিহ্ন বিতৰণ কৰে কাৰ্বি পৰিষদৰ সঁজাতি দলৰ লগতে সাংসদ হৰেন ছিং বে’য়ে ৷

উপস্থিত তুলিৰাম ৰংহাং আৰু হৰেনছিং বেৰ
বহুকেইটা আঁচনিৰ আধাৰশিলা স্থাপন-শুভ উদ্বোধন

উক্ত উল্লেখিত অনুষ্ঠানসমূহত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু ডিফুৰ সাংসদ হৰেনছিং বেৰ বিপৰীতে কাৰ্যবাহী সদস্য ক্ৰমে মংগলছিং তিমুং, অমৰছিং তিচ্ছ’, প্ৰদীপ ৰংপি, উপাধ্যক্ষ ৰিতেশ ইংহি, পাৰিষদ উফিং ডি মাছলাই, প্ৰভাত টাৰ', মনোনীত সদস্য চন্দ্ৰ ছেত্ৰীকে ধৰি ভালে সংখ্যক স্থানীয় লোক আৰু শাসকীয় দলৰ দলীয় নেতা কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক : গুৱাহাটী বিশ্ববিদ্যালয়ৰ শীতকালীন বন্ধ বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.