ETV Bharat / state

হোজাইৰ অবৈধ কাঠফলা কলত বন বিভাগৰ অভিযান - হোজাইৰ অবৈধ কাঠ ফলা কলত বন বিভাগৰ অভিযান

হোজাই জিলাৰ কাঠফলা কলত অভিযান চলিল বন বিভাগৰ । এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বন বিভাগে জিলাখনৰ তিনিটাকৈ কাঠফলা কলত অভিযান চলায় । অভিযানৰ অন্তত হোজাই আঞ্চলিক বন সুৰক্ষা বিষয়া শ্বামিম আখতাৰৰ নেতৃত্বত বনকৰ্মীৰ দলে জব্দ কৰে কাঠফলা কলকেইটা । কলকেইটাৰ সামগ্ৰীসমূহ ইতিমধ্যে জব্দ কৰি হোজাই বন কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । অৱশ্যে হোজাই আমবাৰীৰ এই কাঠফলা কল কেইটাৰ পৰা কোনো লোককে আটক কৰিবলৈ সক্ষম নহ'ল বন বিভাগ । বন বিভাগৰ তৰফৰ পৰা জানিব পৰা মতে কল কেইটাৰ আনুমানিক বজাৰমূল্য ২ লাখৰো অধিক হ'ব ।

Woodmill
হোজাইৰ অবৈধ কাঠ ফলা কলত বন বিভাগৰ অভিযান
author img

By

Published : Jun 19, 2021, 4:19 PM IST

হোজাই, ১৯ জুন : ৰাজ্যত অব্যাহত আছে বনধ্বংস যজ্ঞ । বন বিভাগৰ(forest department) চকুৰ সন্মুখতে ৰাজ্যৰ ভিন্ন প্ৰান্তত একাংশ দুষ্টচক্ৰই গছ কাটি তহিলং কৰা দেখা গৈছে । কেৱল এয়া নহয় একাংশ অবৈধ কাঠফলা কলত(Wood mill) সেই গছবোৰ কাঠলৈ ৰূপান্তৰিত হৈ আহিছে । প্ৰতিদিনে সেই অবৈধ কাঠফলা কলবোৰত কাঠফলা হৈ আছে ।

তাৰ পিছতে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ বিনা সংকোচে চালান দিয়া হৈ আছে কাঠবোৰ । কিন্তু এইক্ষেত্ৰত বিভিন্ন সময়ত নিমাত হৈ থকা দেখা যায় বন বিভাগক । বহু সময়ত দল-সংগঠনে অভিযোগ উত্থাপন কৰাৰ পিছতহে সেই অবৈধ কাঠফলা কলবোৰত বন বিভাগে অভিযান চলাই আৰু জব্দ কৰে কলৰ সামগ্ৰীবোৰ । ঠিক তেনেকৈয়ে হোজাই জিলাৰ কাঠফলা কলত অভিযান চলিল বন বিভাগৰ ।

হোজাইৰ অবৈধ কাঠফলা কলত বন বিভাগৰ অভিযান

এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বন বিভাগে জিলাখনৰ তিনিটাকৈ কাঠফলা কলত অভিযান চলায় । অভিযানৰ অন্তত হোজাই আঞ্চলিক বন সুৰক্ষা বিষয়া শ্বামিম আখতাৰৰ নেতৃত্বত বনকৰ্মীৰ দলে জব্দ কৰে কাঠফলা কলকেইটা । কলকেইটাৰ সামগ্ৰীসমূহ ইতিমধ্যে জব্দ কৰি হোজাই বন কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । অৱশ্যে আমবাৰীৰ এই কাঠফলা কল কেইটাৰ পৰা কোনো লোককে আটক কৰিবলৈ সক্ষম নহ'ল বন বিভাগ ।

বন বিভাগৰ তৰফৰ পৰা জানিব পৰা মতে, কলকেইটাৰ আনুমানিক বজাৰমূল্য ২ লাখৰো অধিক হ'ব ৷ অভিযোগ অনুসৰি হোজাইৰ এই কাঠফলা কলকেইটা দীৰ্ঘদিন ধৰি চলি আহিছিল । কেৱল এইকেইটাই নহয় জিলাখনৰ বিভিন্ন প্ৰান্তত এনে অবৈধ কাঠফলা কল আৰু বহু আছে যিবোৰত দিনে-নিশাই বন বিভাগৰ চকুৰ সন্মুখতে অবৈধ কাৰ্য চলি থাকে । একাংশ সচেতন নাগৰিকৰ অভিযোগ অনুসৰি কিছুমান দুৰ্নীতিগ্ৰস্ত বন বিষয়া এইক্ষেত্ৰত মেনেজ হৈ থাকে, যাৰ বাবে প্ৰশাসনৰ সন্মুখতে বিনাদ্বিধাই চলি থাকে অবৈধ কাঠফলা কলবোৰ ৷

লগতে পঢ়ক: নিতাইপুখুৰী আৰক্ষীৰ জালত গাঞ্জা ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.