হোজাই,৩০ জুন: সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত(HS Result 2022) হোজাই জিলাৰ কাকীৰ অভিজিৎ হাজৰিকাই ৯০% নম্বৰেৰে উৰ্ত্তীণ হোৱাত উৎফূল্লিত গাঁওবাসী । গাঁওখনৰ ৰাইজে নিশা নিজে একগোট হৈ নৃত্য গীত পৰিবেশনেৰে আযোজন কৰিলে ভোজ ভাতৰ(Abhijit from Kaki passed with distinction in HS Final Exam) । দৰিদ্ৰতাক নেওচি অভিজিতে সফলতাৰে উৰ্ত্তীণ হোৱাত গাঁওবাসীয়ে প্ৰশংসাৰে ওপচাই তুলিছে অভিজিতক ।
কাকী চুতীয়া গাঁৱৰ মুকুল হাজৰিকা আৰু ববিতা হাজৰিকাৰ পুত্ৰ অভিজিৎ হাজৰিকাই কাকী বিষ্ণুৰাভা চিনিয়ৰ চেকেণ্ডৰী কলেজৰ পৰা আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লৈ ৯০% নম্বৰ লাভ কৰি সমগ্ৰ কাকী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ ঘৰখনৰ দৰিদ্ৰতাক নেওচি অভিজিতে অৰ্জন সফলতাৰ আনন্দত ভাগ লৈ নিশা গাঁওবাসী একগোট হৈ অভিজিতক শুভেচ্ছা জ্ঞাপন কৰে । গাঁওখনৰ ৰাইজে আয়োজন কৰা অনুষ্ঠানটোত গীত গাই পৰিবেশ জীপাল কৰি তুলিলে অভিজিতে ।
দৰাচলতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হোৱা অভিজিতে পঢ়াৰ সমান্তৰাল ভাৱে গীত আৰু কাৰাটেৰ চৰ্চাও অব্যাহত ৰাখিছিল ৷ পিতৃ-মাতৃক সহায় কৰিবলৈ গৈ গীত গাই দুই এপইছা উপাৰ্জন কৰাৰ লগতে দিন হাজিৰা কৰা পিতৃক খেতিৰ কামতো সহায় কৰি আহিছিল অভিজিতে । সেয়েহে মেধাবী ছাত্ৰগৰাকীৰ সফলতাত গাঁৱৰ ৰাইজে ভোজভাত আযোজন কৰি অভিজিতৰ গীতৰ তালে তালে সকলোৱে নাচি বাগি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় ।
লগতে পঢ়ক: নিৰ্বাচনত আমি গৰু হাৰা দিছোঁ, তথাপি হাঁহি গৈছোঁ : আঙুৰলতা