ETV Bharat / state

প্ৰশাসনিক বিষয়াৰ দুৰ্নীতিৰ ক্লিপ ভাইৰেল, শিলাদিত্যৰ প্ৰতিক্ৰিয়া - বিধায়ক শিলাদিত্য দেৱৰ প্ৰতিক্ৰিয়া

হোজাই জিলাৰ এজন প্ৰশাসনিক বিষয়াৰ দুৰ্নীতিৰ অডিঅ' ক্লীপ ভাইৰেল হোৱাক লৈ বিধায়ক শিলাদিত্য দেৱৰ প্ৰতিক্ৰিয়া ।

প্ৰশাসনিক বিষয়াৰ দুৰ্নীতিৰ ক্লিপ ভাইৰেল, শিলাদিত্যৰ প্ৰতিক্ৰিয়া

author img

By

Published : Sep 25, 2020, 1:28 AM IST

হোজাই, 24 ছেপ্টেম্বৰ : হোজাই জিলাৰ এজন প্ৰশাসনিক বিষয়াৰ দুৰ্নীতিৰ অডিঅ' ক্লীপ ভাইৰেল হোৱাক লৈ বিধায়ক শিলাদিত্য দেৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

মাত্ৰ 1 মিনিট 14 ছেকেণ্ডৰ এটা অডিঅ' ক্লীপ ৷ সেই অডিঅ' ক্লীপটো বৰ্তমান ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত । কিন্তু কাৰ দূৰ্নীতিৰ এই অডিঅ' ক্লীপ, সেয়া জানিবলৈ চাওঁক এই প্ৰতিবেদন ।

প্ৰশাসনিক বিষয়াৰ দুৰ্নীতিৰ ক্লিপ ভাইৰেল

হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱৰ সাক্ষাৎকাৰৰ ভাষ্য অনুসৰি উক্ত অডিঅ' ক্লীপটো হোজাইৰ উপায়ুক্ত কাৰ্য্যালয়ৰ এগৰাকী উচ্চপদস্থ প্ৰশাসনিক বিষয়াৰ । প্ৰশাসনিক বিষয়া গৰাকীয়ে অডিঅ' ক্লীপটোত ভূমি সংক্ৰান্তীয় অন্য কোনো ব্যক্তিৰ লগত কৰিছে ধন-লেনদেনৰ বাৰ্তালাপ । ভূমি আৱন্টনৰ বাবে উক্ত বিষয়াজনক লাগে উৎকোচ । ভূমি আৱন্টনৰ বাবে বিষয়াগৰাকীক দিব লাগিব দুই হাজাৰ টকা । পিছে,টকা দিবলৈ যাব নালাগে তেওঁৰ কাৰ্যালয়লৈ,কাৰণ,অফিচত আছে চি চি টিভি কেমেৰা । সেয়েহে, টকা দিয়াৰ সময় আৰু স্থানো অৱগত কৰি দিছে বিষয়াগৰাকীয়ে । পুৱা ৮ বজাৰ পূৰ্বে তেওঁৰ নিজা বাসগৃহত অথবা অফিচ ছুটী হোৱাৰ পিছত ৰাস্তাই পদূলিয়ে লগ কৰি বিষয়াগৰাকীক দিব লাগিব তেওঁ বিচৰা ধন ।

সম্প্ৰতি, প্ৰশাসনিক বিষয়াগৰাকীৰ এই অডিঅ' ক্লিপে তোলপাৰ লগাইছে সমগ্ৰ জিলাখনত । হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে আন এক অভিযোগ আনিছে উক্ত বিষয়াগৰাকীৰ বিৰুদ্ধে । প্ৰশাসনিক বিষয়াগৰাকীয়ে 5 বছৰ 4 মাহ হোজাই জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ত কাৰ্যনিৰ্বাহ কৰি থকাৰ পিছত প্ৰতিবাৰে বদলিৰ পত্ৰ আহিলে নানান অজুহাত দেখাই হোজাই এৰি যাব নোখোজে । এইবাৰো বদলি পত্ৰ পাই এতিয়ালৈকে যোৱা নাই বিষয়াগৰাকী । গুৱাহাটীত ঘুৰি আছে পুনৰ হোজাইত নিযুক্ত কৰাৰ বাবে ।

প্ৰশাসনিক বিষয়াৰ দুৰ্নীতিৰ ক্লিপ ভাইৰেল, শিলাদিত্যৰ প্ৰতিক্ৰিয়া

আনকি, মাটিৰ দালালৰ সৈতে এইগৰাকী বিষয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছে বুলি মন্তব্য কৰে বিধায়ক শিলাদিত্যই । কিন্তু, বিধায়কগৰাকীয়ে সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাত ৰাজহুৱাভাৱে উল্লেখ কৰিব নুখুজিলে অডিঅ' ক্লীপ ভাইৰেল হোৱা উক্ত বিষয়াগৰাকীৰ নাম । পিছে,কোন এই গৰাকী প্ৰশাসনিক বিষয়া? হোজাই জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত কি দৰে এই গৰাকী বিষয়াই চলাই গৈছে ধনৰ লেনদেন, এয়া এক নিৰ্দিষ্ট অনুসন্ধানৰ পাচতহে পোহৰলৈ আহিব ।

লগতে পঢ়ক : ইটিভি ভাৰত অসমৰ বাতৰিৰ প্ৰভাৱঃনিৰ্মাণ প্ৰতিষ্ঠানে আৰম্ভ কৰিলে পথ মেৰামতিৰ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.