ETV Bharat / state

৩ জানুৱাৰীৰ পৰা ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক প্ৰদান কৰা হ’ব ক'ভিড প্ৰতিষেধক - Vaccination for teenagers

সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাতো ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰী সকলক প্ৰদান কৰা হ'ব ক'ভিড প্ৰতিষেধক(Covid vaccnination drive at Hojai) ৷

৩ জানুৱাৰীৰ পৰা ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক প্ৰদান কৰা হ’ব প্ৰতিষেধক

author img

By

Published : Jan 2, 2022, 3:41 PM IST

হোজাই, 2 জানুৱাৰী : ২০২২ বৰ্ষৰ ৩ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ সমগ্র হোজাই জিলাতে প্ৰদান কৰা হ'ব ক'ভিড প্ৰতিষেধক(Covid vaccnination drive at Hojai) ৷ হোজাই জিলাত ১৫'ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰী সকলক প্ৰদান কৰা হ'ব ক'ভিড প্ৰতিষেধক ৷ এই উপলক্ষে শনিবাৰে হোজাই সৰ্বশিক্ষা অভিযান সমন্বয়ক কাৰ্যালয়ৰ উদ্যোগত উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত উপায়ুক্ত অনুপম চৌধুৰীৰ অধ্যক্ষতাত হোজাই জিলাৰ অন্তৰ্গত চৰকাৰী, বেচৰকাৰী উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহৰ মূৰব্বী সকলৰ উপস্থিতত অনুষ্ঠিত কৰা হয় গুৰুত্বপূৰ্ণ আলোচনা সভা ৷

এই বিশেষ সভাত উপস্থিত থাকেঅতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা, জিলা সৰ্ব শিক্ষা অভিযানৰ প্ৰগ্ৰেম বিষয়া অশোক কুমাৰ গগৈক প্ৰমুখ্য কৰি জিলা শিক্ষা আৰু স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকল । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই সভাত জিলা স্বাস্থ্য বিভাগক বিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আগতীয়াকৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্তই নিৰ্দেশ দিয়াৰ লগতে শিক্ষক সকলক ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিষেধক গ্ৰহণৰ সজাগতা সৃষ্টিৰ বাবে আহ্বান জনায় (Vaccination for students)।

৩ জানুৱাৰীৰ পৰা ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক প্ৰদান কৰা হ’ব প্ৰতিষেধক
৩ জানুৱাৰীৰ পৰা ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক প্ৰদান কৰা হ’ব প্ৰতিষেধক

লগতে পঢ়ক : Vaccination for teenagers: শীঘ্ৰেই ত্ৰিপুৰাত কিশোৰ-কিশোৰীয়ে লাভ কৰিব কভি'ড প্ৰতিষেধক

বিদ্যালয়ৰ ১৫ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰৰ ছাত্ৰ-ছাত্ৰীৰ আগতীয়াকৈ এখন তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দি উপায়ুক্তগৰাকীয়ে কয় যে, ক’ভিডৰ পৰা ৰক্ষাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ- ছাত্ৰী সকলৰ মাজত প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে সজাগতা সৃষ্টি কৰিব লাগিব ।

তদুপৰি ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰী সকলে যাতে দ্বিধাহীন আৰু নিৰ্ভয়ে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰে তাৰ বাবে এই ক্ষেত্ৰত অভিভাৱকসকলক সহযোগ কৰিবলৈ আহ্বান জনোৱা হয় । সভাত কিশোৰ-কিশোৰী সকলে ১ জানুৱাৰী ২০২২ তাৰিখ পৰ্যন্ত বা প্ৰতিষেধক গ্ৰহণ কৰা দিনটোত ১৫ বছৰ সম্পূৰ্ণ কৰিলেও প্ৰতিষেধক গ্ৰহণৰ বাবে যোগ্য বিবেচিত হ'ব বুলি উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে ।

সভাত জিলা প্ৰতিষেধক বিষয়া শ্ৰী ৰঞ্জু ৰাজখোৱাই এই প্ৰক্ৰিয়াৰ মাধ্যমত কিশোৰ-কিশোৰী সকলক ক'ভাক্সিন ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি সদৰী কৰাৰ লগতে পাৰ্শ্বক্ৰিয়া নথকা এই প্ৰতিষেধক বিনা দ্বিধায় গ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰে । এই ক্ষেত্ৰত কিশোৰ-কিশোৰী সকলে নিজৰ নাম পঞ্জীয়নৰ বাবে নিজৰ আধাৰ কাৰ্ড বা নিজৰ অন্যান্য চৰকাৰী নথিৰ লগতে তেওঁলোকৰ নিজৰ বা অভিভাৱকৰ যোগাযোগ নম্বৰ দিব পাৰিব ।

লগতে পঢ়ক : ক'ভিড-১৯ত আক্ৰান্ত হ'ল সোণাৰিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এগৰাকী ছাত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.