ETV Bharat / state

হোজাইত সন্ধানহীন কন্যাক বিচাৰি দিশহাৰা পিতৃ

২৯ জুনত হোজাইৰ লংকাৰ দক্ষিণ লস্কৰপথাৰত কলেজৰ পৰা ঘৰলৈ আহি থকাৰ পথত সন্ধানহীন হৈছিল আব্দুল হামিদৰ কন্যা আপৰুজা বেগম ৷ যাৰ বাবে চিন্তিত হৈ পৰে পৰিয়ালবৰ্গ ৷ আনহাতে, প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি দুজন যুৱকে এখন গাড়ীত উঠাই লৈ গৈছিল ছাত্ৰী গৰাকীক ৷

হোজাইত সন্ধানহীন কন্যাক বিচাৰি দিশহাৰা পিতৃ
author img

By

Published : Jul 17, 2019, 1:47 PM IST

হোজাই, 17 জুলাইঃ দিশহাৰা এগৰাকী দুৰ্ভগীয়া পিতৃ । 18 দিন অতিক্ৰমৰ পাচতো সন্ধান নাপালে অপহৃত কন্যাৰ । আৰক্ষীৰ সহাঁৰি নাপায় সংবাদ মাধ্যমৰ কাষ চাপিল দুৰ্ভগীয়া পিতৃ । উল্লেখ্য যে, ২৯ জুনত হোজাইৰ লংকাৰ দক্ষিণ লস্কৰপথাৰত কলেজৰ পৰা ঘৰলৈ আহি থকাৰ পথত সন্ধানহীন হৈছিল আব্দুল হামিদৰ কন্যা আপৰুজা বেগম ৷ যাৰ বাবে চিন্তিত হৈ পৰে পৰিয়াল বৰ্গ ৷ আনহাতে, প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি দুজন যুৱকে এখন গাড়ীত উঠাই লৈ গৈছিল ছাত্ৰী গৰাকীক ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰিয়ে ছাত্ৰী গৰাকীৰ পৰিয়ালে দুই যুৱক ক্ৰমে ৰিবুল হুছেইন আৰু আবুল হুছেইনৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত বিগত 3 জুলাইত অপহৰণ সংক্ৰান্তত গোচৰ ৰুজু কৰে ৷ 299/19 নম্বৰত ভাৰতীয়‌দণ্ড বিধি আইনৰ 363/506 ধাৰাত গোচৰ ৰুজু কৰে যদিও আৰক্ষী বিষয়া বদলি কৰাত গোচৰ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া স্থবিৰ হৈ পৰে ৷ ইয়াৰ পাচতো দুৰ্ভগীয়া ব্যক্তি জনে শীৰ্ষ আৰক্ষী বিষয়াক অপহৰণ সংক্ৰান্তত অৱগত কৰাইছে যদিও বৰ্তমান পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে । যাৰ বাবে ঘটনাৰ ১৮ টা দিন অতিক্ৰম কৰাৰ পাচত উপায়ন্তৰ হৈ ন্যায়ৰ আশাত অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিল দুৰ্ভগীয়া পিতৃগৰাকী ৷

Intro:দিশহাৰা এগৰাকী দুৰ্ভগীয়া পিতৃ।Body:দিশহাৰা এগৰাকী দুৰ্ভগীয়া পিতৃ।

১৮ টা দিন অতিক্ৰমৰ পিছতো সন্ধান নাপালে অপহৃত কন্যাৰ ।

আৰক্ষীৰ সহাৰি নাপায় সংবাদ মাধ্যমৰ কাষ চাপিল দুৰ্ভগীয়া পিতৃ ।

হয়,তাৰিখ -২৯ জুন ২০১৯ ৰ ঘটনা ।হোজাই জিলা লংকাৰ দক্ষিণ লস্কৰপথাৰত কলেজৰ পৰা ঘৰলৈ আহি থকাৰ পথত এই গৰাকী আব্দুল হামিদৰ কন্যা আপৰুজা বেগম হঠাৎ অন্তৰ্ধান হৈ পৰে ।ইফালে,বহু সময় ধৰি ছাত্ৰী গৰাকী ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়াল বৰ্গ ।পিছত বহু ঠাইত বিচাৰ খোচাৰ কৰি সন্ধান লাভ নকৰাত ছাত্ৰী গৰাকীক দুজন যুৱকে এখন গাড়ীত উঠাই অপহৰণ কৰি নিয়াৰ কথা প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পাৰি দুই যুৱক ক্ৰমে ৰিবুল হুছেইন আৰু আবুল হুছেইনৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত যোৱা তিনি জুলাইত অপহৰণ সংক্ৰান্তত ২৯৯/১৯ নম্বৰত ভাৰতীয়‌দণ্ড বিধি আইনৰ ৩৬৩/৫০৬ ধাৰাত গোচৰ ৰুজু কৰে ।উল্লেখ্য যে ,আৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ পিছতেই লংকা থানাৰ এগৰাকী এচ আই গোচৰটোৰ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল যদিও ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ আৰক্ষী বিষয়া জনক বদলি কৰাত গোচৰৰ তদন্ত স্থবিৰ হৈ পৰে।ইয়াৰ পিছতো ,দুৰ্ভগীয়া ব্যক্তি জনে শীৰ্ষ আৰক্ষী বিষয়াৰ ওচৰতো অপহৰণ সংক্ৰান্তত অৱগত কৰাইছে যদিও বৰ্তমান কোনো সুফল লাভ নকৰিলে ব্যক্তি গৰাকীয়ে ।ঘটনাৰ ১৮ টা দিন অতিক্ৰম কৰাৰ পিছত উপায়ন্তৰ হৈ ন্যায়ৰ অাশাত অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিল দুৰ্ভগীয়া পিতৃ গৰাকী ।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.