হোজাই,24 এপ্ৰিল : দেশৰ লগতে ৰাজ্যত এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে কৰ'ণা ভাইৰাছে ৷ প্ৰতিদিনে ৰাজ্যৰ প্ৰায় শতাধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছত ৷ চৰকাৰে এই ক্ষেত্ৰত বহু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এই ভাইৰাছৰ পৰা হাত সাৰি যাব পৰা নাই ৰাজ্যৰ কোনো এখন জিলা ৷ ইতিমধ্যে ৰাজ্যত সন্ধিয়া ছয় বজাৰ পৰা দোকান-পোহাৰ আদি সকলো বন্ধ কৰাৰ বাবে নিৰ্দেশ জাৰী কৰিছে প্ৰশাসনে ৷
ৰাজ্যৰ অন্য জিলাৰ সমান্তৰালকৈ হোজাইতো ত্ৰাসৰ সৃষ্টি কৰিছে ক'ভিড-19য়ে ৷ শনিবাৰে হোজাই জিলাৰ লংকাত এসপ্তাহৰ বাবে বন্ধ কৰি দিয়া হয় এখন বিদ্যালয় ৷ লংকাৰ বাডছ ইংলিছ স্কুলত অধ্যায়ন কৰা এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাচতে বন্ধ কৰি দিয়া হয় বিদ্যালয়খন ৷
ইয়াৰ লগতে, কৰ'ণাৰ অৱস্থিতি ধৰা পৰা ছাত্ৰী গৰাকীৰ সংস্পৰ্শলৈ অহা আন ছাত্ৰ-ছাত্ৰী সকলকো ক'ভিড টেষ্ট কৰা হয় ৷ কিন্তু ক'ভিড টেষ্ট কৰা সকলোৰে ফলাফল নিগেটিভ আহে । এই ক্ষেত্ৰত বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে যে, অহা ৩০ এপ্ৰিললৈকে বন্ধ থাকিব লংকাৰ বাডছ ইংলিছ বিদ্যালয়খন ৷ ইতিমধ্যে বিদ্যালয়খন চেনিটাইজ কৰা হৈছে ৷
অন্য এক খবৰৰ বাবে: ক'ভিড আক্ৰান্ত হোমেন বৰগোহাঞিঃ জিএমচিএইচত ভৰ্তি