হোজাইত 19 এপ্ৰিল :হোজাইত চৰকাৰী চাউল বিতৰণত অনিয়মৰ অভিযোগ হিতাধিকাৰীৰ ৷ খাদ্য সুৰক্ষাৰ আইনৰ অধীনত চাউল লাভ কৰা প্ৰতিগৰাকী হিতাধিকাৰীক নিৰ্দিষ্ট পৰিমাণতকৈ কম চাউল যোগান ধৰি হোজাইৰ মাৰ্কেটিং ছ'চাইটি আৰু সুলভ মূল্যৰ দোকানীয়ে চলাইছে লুণ্ঠন।

প্ৰতিটো পৰিয়ালৰ প্ৰতি গৰাকী সদস্যই পাঁচ কেজিকৈ চাউল লাভ কৰে ৷ এই সকল হিতাধিকাৰীক এতিয়া প্ৰতিখন কাৰ্ডত দিছে পাঁচ কেজিকৈ চাউল। ইয়াকে লৈ হিতাধিকাৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। কিন্তু হোজাইৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে কোনো ব্যৱস্থা নোলোৱাত দৰিদ্ৰ হিতাধিকাৰী সকল প্ৰাপ্যৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ ৷