ETV Bharat / state

প্লাজমা দাতালৈ ওমপ্ৰকাশ প্ৰমিলা দেৱী স্মৃতি দাতব্য ন্যাসৰ 5 হাজাৰ টকাৰ পুৰস্কাৰ

লংকাস্থিত নিজা বাসভৱনত প্লাজমা দান কৰা হোজাই জিলাৰ পাঁচ গৰাকী লোকক একোখনকৈ ফুলাম গামোছা আৰু 5 হাজাৰ টকাৰ একোখনকৈ চেক প্ৰদান কৰে ন্যাসটোৰ অধ্যক্ষই ৷

author img

By

Published : Aug 28, 2020, 5:56 PM IST

Hojai  plasma Donar rewarded by Omprakash pramila Devi memorial Foundation
প্লাজমা দাতালৈ ওমপ্ৰকাশ প্ৰমিলা দেৱী স্মৃতি দাতব্য ন্যাসৰ 5 হাজাৰ টকাৰ পুৰস্কাৰ

হোজাই, 28 আগষ্ট: প্লাজমা দানৰ প্ৰতি সাধাৰণ ৰাইজক আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে হোজাই জিলাৰ লংকাৰ ওমপ্ৰকাশ প্ৰমিলা দেৱী স্মৃতি দাতব্য ন্যাসৰ ব্যতিক্ৰমী পদক্ষেপ ৷ পূৰ্বে ঘোষণা কৰা অনুযায়ী শুকুৰবাৰে 5 জন প্লাজমা ডনাৰক 5000 টকাৰে পুৰস্কৃত কৰে ন্যাসটোৱে ৷ লংকাস্থিত নিজা বাসভৱনত প্লাজমা দান কৰা হোজাই জিলাৰ পাঁচো গৰাকী লোকক একোখনকৈ ফুলাম গামোছা আৰু পাঁচ হেজাৰ টকাৰ একোখনকৈ চেক প্ৰদান কৰে ন্যাসটোৰ অধ্যক্ষ ৰোহিত আগৰৱালা আৰু লংকা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু স্বাস্থ্য বিষয়া ডাঃ ৰঞ্জু ৰাজখোৱাই ৷ এই পুৰস্কাৰ লাভ কৰা প্লাজমা দাতা সকল হ'ল ক্ৰমে চাহিদ আহমেদ, চাহিন আহমেদ, ইয়াচিন আলী, ফৰিজ উদ্দিন আৰু নিজাম উদ্দিন ৷

উল্লেখ্য যে, 15 আগষ্টত হোজাই জিলাত প্লাজমা দান কৰিবলৈ আগবাঢ়ি অহা প্ৰথম 100 জন প্লাজমা দাতাক 5 হাজাৰ টকাকৈ এক এককালীন পুৰস্কাৰ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল লংকাৰ ওমপ্ৰকাশ প্ৰমিলা দেৱী স্মৃতি দাতব্য ন্যাসটোৱে ৷ সেই সিদ্ধান্ত অনুসৰিয়েই শুকুৰবাৰে এই পাঁচ গৰাকী লোকক পুৰস্কৃত কৰে ন্যাসটোৱে ৷ প্লাজমা দান কৰি কোভিড-19 ৰোগত আক্ৰান্তসকলক জীৱনদান দিয়া বীৰ যোদ্ধাসকলক কৃতজ্ঞতা জনোৱাৰ লগতে প্লাজমা দান কাৰ্যক উৎসাহিত কৰাৰ উদ্দেশ্যে উক্ত সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰিছিল ন্যাসটোৰ অধ্যক্ষ ৰোহিত আগৰৱালাই ৷

লগতে পঢ়কঃ ৰাজনীতিৰ পথাৰলৈ শিল্পীৰ আগমন সন্দৰ্ভত হিমাংশু প্ৰসাদ দাসৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.