ETV Bharat / state

হোজাইৰ লংকাত বন্যহস্তীৰ ত্ৰাস - হাতী মানুহৰ সংঘাত

হোজাই জিলাৰ ৭নং পূৱ উদালীত বৃহস্পতিবাৰে দিন দুপৰতে উপদ্ৰৱ চলালে বনৰীয়া হাতীয়ে। দুটাকৈ বন্যহস্তীয়ে ৭নং পূব উদালীৰ কৃষ্ণাই ঘাট ব্লকত চলোৱা তাণ্ডৱত ভাঙি চুৰমাৰ কৰিলে প্ৰায় ১২টাকৈ বাসগৃহ।

hojai men elephant conflict
হোজাইৰ লংকাত বন্যহস্তীৰ ত্ৰাস
author img

By

Published : Dec 31, 2020, 8:51 PM IST

হোজাই, 31 ডিচেম্বৰ : ৰাজ্যত ক্ৰমাত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে। সঘনাই বন্যহস্তীয়ে চলোৱা উপদ্ৰৱৰ বাবে এতিয়া আতংকিত হৈ পৰিছে গঞা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীয়ে জনবসতিপূৰ্ণ এলেকাত নিতৌ চলাই গৈছে তাণ্ডৱ।

hojai men elephant conflict
হোজাইৰ লংকাত বন্যহস্তীৰ ত্ৰাস

হোজাই জিলাৰ ৭নং পূব উদালীত বৃহস্পতিবাৰে দিন দুপৰতে উপদ্ৰৱ চলালে বনৰীয়া হাতীয়ে। দুটাকৈ বন্যহস্তীয়ে ৭নং পূব উদালীৰ কৃষ্ণাই ঘাট ব্লকত চলোৱা তাণ্ডৱত ভাঙি চুৰমাৰ কৰিলে প্ৰায় ১২টাকৈ বাসগৃহ। কেৱল বাসগৃহই নহয় ভঁৰালৰ ধান খাইও ভঁৰাল ভাঙি বিস্তৰ ক্ষতি সাধন কৰিলে বন্যহস্তী দুটাই । বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপিহে প্ৰাণ ৰক্ষা পৰে কেবাটাও পৰিয়ালৰ।

hojai men elephant conflict
হোজাইৰ লংকাত বন্যহস্তীৰ ত্ৰাস

উল্লেখ্য‌ যে, ৭নং পূব উদালী অঞ্চলত বিগত কিছু দিন ধৰি দুটাকৈ বন্যহস্তীয়ে তাণ্ডৱ চলায় বিস্তৰ ক্ষতি সাধন কৰিছে যদিও এই ক্ষেত্ৰত বনবিভাগে হাতী খেদাত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ।

লগতে পঢ়ক : চিবিএছইৰ চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.