ETV Bharat / state

প্ৰেমিকৰ বিৰুদ্ধে এজাহাৰ দাখিল প্ৰেমিকাৰ - লংকা ফৰেষ্ট গেইট

লংকা আৰক্ষী থানাৰ অন্তৰ্গত লংকা ফৰেষ্ট গেইটৰ কৃষ্ণ কলিতাই ৭ মাহ পূৰ্বে এগৰাকী যুৱতীক পলুৱাই আনে। যুৱতীগৰাকীক যৌতুক বিচাৰি অত্যাচাৰ আৰম্ভ কৰে। ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পৰিয়ালে দাখিল কৰে এজাহাৰ

প্ৰেমিকৰ বিৰুদ্ধে এজাহাৰ দাখিল প্ৰেমিকাৰ
author img

By

Published : Jul 5, 2019, 2:02 PM IST

হোজাই,৫ জুলাই : হোজাইত প্ৰেমিকাক নিৰ্যাতন প্ৰেমিকৰ। প্ৰেমিকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে ভুক্তভোগী যুৱতীৰ পৰিয়ালে।

প্ৰেমিকৰ বিৰুদ্ধে এজাহাৰ দাখিল প্ৰেমিকাৰ

উল্লেখ্য যে,লংকা আৰক্ষী থানাৰ অন্তৰ্গত লংকা ফৰেষ্ট গেটৰ নিবাসী বিষ্ণু কলিতাৰ পুত্ৰ কৃষ্ণ কলিতাই ৭ মাহ পূৰ্বে বোকাজানৰ পৰা লংকাৰ নিজ গৃহলৈ পলুৱাই আনিছিল এগৰাকী যুৱতীক। ইয়াৰ পাছতেই যুৱতীগৰাকীৰ পৰিয়ালক এই সন্দৰ্ভত অৱগত কৰোৱাত,বিবাহৰ বাবে আলোচনা কৰিছিল যুৱক-যুৱতীহালৰ পৰিয়ালে। কিন্তু যুৱতীগৰাকীৰ পলুৱাই অনা সময়ত ১৮ বছৰ নোহোৱাত বিবাহ কাৰ্য সম্পন্ন কৰিব নোৱাৰিলে পৰিয়ালৰ লোকে। বিবাহৰ পূৰ্বেই প্ৰেমিকৰ ঘৰত থাকিবলৈ লোৱা যুৱতীগৰাকীক কিছু দিন যোৱাৰ পাছতেই কৃষ্ণ কলিতা আৰু তেওঁৰ পৰিয়ালৰ লোকে যৌতুক বিচাৰি শাৰিৰীক তথা মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে। আনুষ্ঠানিকভাৱে বিবাহ কাৰ্য সম্পন্ন কৰিবলৈ যুৱকজন অমান্তি হৈ যুৱতীগৰাকীক পঠিয়াই দিয়ে মাতৃগৃহলৈ। এই ঘটনাৰ পাছতেই যুৱতীগৰাকীৰ পৰিয়ালে লংকা আৰক্ষী চকীত কৃষ্ণ কলিতাৰ লগতে কৃষ্ণৰ পৰিয়ালৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।

Intro:প্ৰেমিকা নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ।Body:পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত যেন আজিও যেন শোষণৰ বলি হৈ আছে নাৰী সমাজ ।পদে পদে লাঞ্চিত হ'ব লগা হৈছে নাৰী ।তেনে এক ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে লংকাত । ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি,লংকা আৰক্ষী থানাৰ অন্তৰ্গত লংকা ফৰেষ্ট গেইটৰ নিবাসী বিষ্ণু কলিতাৰ পুত্ৰ কৃষ্ণ কলিতাই কৌশলগত ভাৱে প্ৰেমৰ জাল পেলাই ৭ মাহ পূৰ্বে বোকাজানৰ পৰা লংকাৰ নিজ গৃহলৈ পলুৱাই আনিছিল এগৰাকী যুৱতীক | লংকালৈ আনি যুৱতী গৰাকীৰ মাতৃ গৃহত খৱৰ দিয়াত যুৱতী গৰাকীৰ সমন্ধীয় লংকালৈ আহি দুয়োকে কিছু দিনৰ পিছত বিৱাহ কৰাই দিয়া হৱ বুলি এক আলোচনা হৈছিল | উল্লেখ যে, যুৱতী গৰাকীক কৃষ্ণ কলিতাই পলুৱাই অনা সময়ত হোৱা নাচিল বয়স ১৮ বছৰ | পিছত দিন পাৰ হৈ যোৱাৰ লগে লগে কৃষ্ণ কলিতা আৰু পৰিয়ালৰ লোকে যুৱতী গৰাকীৰ লগত নানান অকথ্য শাৰিৰীক তথা মানসিক নিৰ্যাতন চলোৱাৰ লগতে যৌতুক বিচাৰি হাৰাশাস্তি কৰি
আনুষ্ঠানিকভাৱে বিবাহ কৰিবলৈ অমান্তি হৈ মাতৃ গৃহলৈ যুৱতী গৰাকীক পঠিয়াই দিয়ে । পিছত উপায়হীন হৈ বৰ্তমান যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে লংকা আৰক্ষী থানাৰ দ্বাৰস্থ হৈ স্বাৰ্থলুভি কৃষ্ণ কলিতাৰ লগতে কৃষ্ণৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে |

BYTE: ভোক্তভোগী যুৱতী/ যুৱতীৰ মাতৃ

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.