ETV Bharat / state

লামডিঙত এআইইউডিএফৰ নিৰ্বাচনী সভা

লামডিঙত এআইইউডিএফে আয়োজন কৰে এখন সভা ৷ সভাত এআইইউডিএফৰ মূৰব্বী বদৰ‌উদ্দিন আজমল আৰু ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম উপস্থিত থাকে ৷ সভাত বিজেপিয়ে নতুনকৈ গঠন হোৱা দল সমূহক ধন দিছে বুলি মন্তব্য কৰে ৷

hojai-lamding-meeting-aiudf
লামডিঙত এআইইউডিএফৰ নিৰ্বাচনী সভা
author img

By

Published : Nov 16, 2020, 10:44 PM IST

হোজাই,16নৱেম্বৰ: লামডিং সমষ্টিত সোমবাৰে এআইইউডিএফে বজালে নিৰ্বাচনৰ ৰণশিঙা । দলটোৱে লামডিঙত অনুষ্ঠিত কৰে এখন নিৰ্বাচনী সভা ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এআইইউডিএফৰ মূৰব্বী বদৰ‌উদ্দিন আজমল আৰু ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম । সভাত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত অসমত গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দলসমূহ গঠন কৰাৰ ক্ষেত্ৰত বিজেপিয়ে ধন দি সহায় কৰিছে বুলি মন্তব্য কৰে । আঞ্চলিক দল গঠন কৰি নিৰ্বাচনত সংখ্যালঘুৰ ভোট বিভাজন কৰাৰ ষৰযন্ত্ৰ বিজেপিয়ে কৰিছে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ।

লামডিঙত এআইইউডিএফৰ নিৰ্বাচনী সভা

ইয়াৰ লগতে, সাংবাদিকৰ লগত হোৱা আছুতীয়া সাক্ষাৎকাৰত বদৰ‌উদ্দিন আজমলে কয় যে, এআইডিএফে এইবাৰ কংগ্ৰেছ,চিপিএম,চিপিআইকে ধৰি বহু কেইটা দল সংগঠনৰ লগত লগ হৈ মহাযোট বন্ধনেৰে আগন্তুক নিৰ্বাচন খেলিব ৷ সেয়ে সকলো দলে নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা সময়ত এৰা -ধৰাৰ মাজেৰেই চলিব লাগিব । বহু চিন্তা-চৰ্চাৰে প্ৰাৰ্থী নিক্ষেপ কৰিব লাগিব বাবে এইবাৰ এআইইউডিএফ দলৰ পাৰ্থী প্ৰক্ষেপ কৰা তালিকা প্ৰকাশ কৰাত পলম হ'ব বুলি মন্তব্য কৰে আজমলে ।

ইফালে, বিটিচিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মাই শিলচৰ বিমানবন্দৰত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াটো সত্য বুলি কোৱা প্ৰসংগত বদৰ‌উদ্দিন আজমলে কয় যে, ঘটনা সন্দৰ্ভত যদি উচ্চ পৰ্যায়ৰ তদন্ত হয় তেন্তে হিমন্ত এতি শীঘ্ৰে আটক হ'ব ।

অন্য এক খবৰৰ বাবে: তুষাৰপাতৰ বাবে বন্ধ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.