ETV Bharat / state

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত হোজাইত প্ৰতিবাদ

author img

By

Published : Jul 23, 2020, 9:16 PM IST

হোজাই জিলাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চাৰ্কেবস্তি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত নুখুটি বজাৰৰ মাজমজিয়াত কৃষক মুক্তিৰ সদস্য সকলে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি কাৰাবন্দী কৃষক নেতা অখিল গগৈক শীঘ্ৰে মুক্তি দিয়াৰ দাবীত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

Hojai KMSS protest, Demands release to akhil gogoi
কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত হোজাইত প্ৰতিবাদ

হোজাই, 23 জুলাই : ৰাজ্যত ক'ভিড-19 আৰু বানপানীয়ে ৰাজ্যবাসীক তচনচ কৰাৰ সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷ কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুকলি কৰি দিবলৈ বিভিন্ন দল সংগঠনে নিতৌ সাব্যস্ত কৰিছে প্ৰতিবাদ ৷

বৃহস্পতিবাৰে হোজাই জিলাতো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চাৰ্কেবস্তি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত নুখুটি বজাৰৰ মাজমজিয়াত কৃষক মুক্তিৰ সদস্য সকলে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি কাৰাবন্দী কৃষক নেতা অখিল গগৈক শীঘ্ৰে মুক্তি দিয়াৰ দাবীত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অনতিপলমে কৃষক নেতা গৰাকীক মুকলি কৰি দিবলৈ দাবী জনাইছে অন্যথা অনাগত সময়ত আন্দোলন আৰু অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰে ।

উল্লেখ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰত কৃষক নেতা অখিল গগৈক NIA ৰ আদালতে গ্ৰেপ্তাৰ কৰিছিল ৷ লগতে,নেতা গৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধ কৰাৰ বাবে কেইবাটাও গোচৰ ৰুজু হৈছিল ৷

লগতে পঢ়ক : নদীলৈ পৰিণত কৃষকৰ শ-শ বিঘা কৃষিভূমি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.