ETV Bharat / state

সাংবাদিকক প্ৰহাৰঃ সহকাৰী আয়ুক্তৰ বিৰুদ্ধে গোচৰ সাংবাদিকৰ

author img

By

Published : Jul 5, 2020, 10:17 PM IST

হোজাইৰ এগৰাকী সহকাৰী আয়ুক্তই চি আৰ পি এফ বাহিনী লগাই জধে মধে ৰাইজক মাৰধৰ কৰাৰ অভিযোগ ।

hojai-doboka-public-harasment-allegation-crpf-and-one-officer
লক ডাউনৰ নামত ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ

হোজাই,5জুলাইঃ হোজাই জিলাৰ ডবকাত লক ডাউনৰ নামত ৰাইজক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ হোজাইৰ এগৰাকী সহকাৰী আয়ুক্তই চি আৰ পি এফ বাহিনী লগাই জধে-মধে মাৰধৰ কৰে ৰাইজক ৷ জানগামিৰ ৰঙগাৰফাই নামৰ সহকাৰী আয়ুক্ত গৰাকীয়ে চি আৰ পি এফ বাহিনীক লগত লৈ এই কাণ্ড সংঘটিত কৰে ৷

ইপিনে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকো আক্ৰমণৰ বলি হ‘ব লগা হয় ৷ এটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ ডবকাৰ স্থানীয় সাংবাদিককো প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে ৷ ঘটনাৰ সৰ্ন্দভত ইতিমধ্যে সাংবাদিক জনে সহকাৰী আয়ুক্ত গৰাকীৰ লগতে চাৰি জন চি আৰ পি এফ জোৱানৰ বিৰুদ্ধে গোচৰ তৰিছে ৷ ডবকা আৰক্ষীয়ে 220/2020 U/S 325/427/32 ধাৰাত গোছৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে । আনহাতে এই ঘটনাই ডবকাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে বিভিন্ন দল সংগঠনৰ লগতে প্ৰেছ ক্লাবে।

লগতে পঢ়কঃ পাঁচ শতাধিক লোকৰ বি পি এফত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.