হোজাই ,২ জুনঃ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ, চাইল্ড লাইন আৰু নীলবাগান আৰক্ষীৰ তৎপৰতাত বন্ধ হ'ল এখন বাল্য বিবাহ । অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰে নাবালক দৰাৰ লগতে নাবালিকা কন্যা গৰাকীক ।
উল্লেখযোগ্য যে, হোজাই জিলাৰ ফতেহপুৰত ১৯ বছৰীয়া এজন যুৱকৰ বিবাহৰ আয়োজন কৰা হৈছিল ডবকা ভেলৌগুৰিৰ এগৰাকী ১৫ বছৰীয়া নাবালিকাৰ সৈতে ৷
এই বিবাহৰ খবৰ লাভ কৰি হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ নিৰ্দেশত পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ, অমৰজ্যোতি শইকীয়া, চাইল্ড লাইনৰ মনজিত দাস, বন্দনা দাস আৰু নীলবাগান আৰক্ষীৰ সহযোগত বন্ধ কৰা হয় বাল্য বিবাহ খন ৷
দুয়োটা পৰিয়ালে এখন শপতনামা যোগে বাল্যবিবাহ সম্পন্ন নকৰে বুলি হোজাই জিলা আইনসেৱা প্ৰাধিকৰনৰ ওচৰত স্বীকাৰোক্তি দিয়াৰ পিছত দুয়ো দৰা-কইনাক চমজাই দিয়া হয় নিজ-নিজ পৰিয়ালত ৷
লগতে পঢকঃ
ডবকাত বাল্য বিবাহৰ ঘটনাঃ উদ্ধাৰ নাবালক-নাবালিকা - hojai district legail service athhourty
হোজাই জিলাৰ ডবকাত জিলা প্ৰশাসন সহযোগত নাবালক নাবালিকাৰ বিবাহ সম্পন্ন কৰা কাৰ্যৰ পৰা উদ্ধাৰ কৰলে হোজাই জিলাৰ আইনসেৱা প্ৰাধিকৰণে ।
![ডবকাত বাল্য বিবাহৰ ঘটনাঃ উদ্ধাৰ নাবালক-নাবালিকা ডবাকাত উদ্ধাৰ কৰা হল নাবালক নাবালিকা বিবাহ সম্পন্ন হোবাৰ পৰা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10:38-hojaichildmarriage-02062020102805-0206f-1591073885-367.jpg?imwidth=3840)