ETV Bharat / state

লংকাত হোজাই জিলা সাহিত্য সভাৰ অধিবেশন আৰম্ভ - Hojai District Sahitya Sabha session beginning

অসম সাহিত্য় সভাৰ অন্য়তম শাখা হৈছে হোজাই জিলা সাহিত্য সভা(Hojai District Sahitya Sabha)। এই হোজাই জিলা সাহিত্য সভাৰ দ্বিতীয় পূর্ণাঙ্গ অধিবেশন দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে । দেওবাৰে অনুষ্ঠিতব্য় মুকলি সভাখনত অসম সাহিত্য সভাৰ সভাপতি ড৹ কুলধৰ শ‍ইকীয়া মুখ্য অতিথিৰূপে উপস্থিত থাকিব ।

Hojai District Sahitya Sabha
লংকাত হোজাই জিলা সাহিত্য সভাৰ অধিবেশন আৰম্ভ
author img

By

Published : Sep 10, 2022, 2:22 PM IST

লংকা, ১০ছেপ্টেম্বৰ: লংকাৰ লংকেশ্বৰী নাট্য মন্দিৰৰ প্ৰাংগণত হোজাই জিলা সাহিত্য সভাৰ দ্বিতীয় পূর্ণাঙ্গ অধিবেশন দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে(Hojai District Sahitya Sabha session beginning)।

লংকা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত অধিবেশনখনিৰ কাৰ্যসূচী অনুসৰি পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে হোজাই জিলা সাহিত্য সভাৰ সভাপতি গুনেশ্বৰ শইকীয়াই । আনহাতে, উদ্যোগতাসকলে সদৰি কৰা মতে,দেওবাৰে দিনৰ ১ বজাত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাখন উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক,সমালোচক উপেন্দ্ৰ বৰকটকীয়ে ৷

লংকাত হোজাই জিলা সাহিত্য সভাৰ অধিবেশন আৰম্ভ

উক্ত মুকলি সভাখনত অসম সাহিত্য সভাৰ সভাপতি ড৹ কুলধৰ শ‍ইকীয়াই মুখ্য অতিথিৰূপে উপস্থিত থাকিব । তদুপৰি সভাখনত সাহিত্য সভাৰ উপ-সভাপতি মৃনালিনী দেৱী বিশিষ্ট অতিথি ৰূপে আৰু সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই নির্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব । লগতে সাহিত্য সভাৰ কেন্দ্রীয় সমিতিৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকিব বুলি উদ্যোগত্যাসকলে সদৰী কৰিছে ।

এই মুকলি সভাতেই জিলা সাহিত্য সভাৰ ২০২০-২০২২ বৰ্ষৰ 'দুলাল চন্দ্ৰ শৰ্মা সোঁৱৰণী প্ৰজ্ঞা ৰত্ন বঁটা' বৰেণ্য সাহিত্যিক উপেন্দ্ৰ বৰকটকীলৈ আৰু 'পণ্ডিত জীৱনৰাম বৰ্মন সোঁৱৰণী সাধনা বঁটা' কবি কমলেশ্বৰ কলিতালৈ আগবঢ়োৱা হ'ব ।

উল্লেখ্য় যে অসমৰ আটাইতকৈ পুৰণি সাহিত্য আৰু সাংস্কৃতিক সংগঠন অসম সাহিত্য সভাৰ জন্ম হৈছিল ১৯১৭ চনত । মূলত: ইয়াৰ আগতে কলকাতাত অধ্যয়নৰত একাংশ অসমীয়া ছাত্ৰই গঢ়ি তোলা 'অসমীয়া ভাষা উন্নতি সাধিনী সভা' আৰু 'অসমীয়া সাহিত্য সংগঠন' দুটিৰ উদ্যোগতেই অসম সাহিত্য সভাৰ সূচনা হৈছিল । বিশিষ্ট সাহিত্যিকদ্বয় পদ্মনাথ গোহাঞিবৰুৱা আৰু শৰৎ চন্দ্ৰ গোস্বামীয়ে অসম সাহিত্য সভাৰ যথাক্ৰমে প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল ।

অসম সাহিত্য় সভাৰ(Assam Sahitya Sabha)প্ৰধান কাৰ্যালয় যোৰহাটত আৰু আন ন টা আঞ্চলিক কাৰ্যালয় গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত আছে । অসম সাহিত্য় সভাৰ জিলা সাহিত্য সভাৰ সংখ্যা বত্ৰিছখন । এই জিলা সাহিত্য সভাসমূহৰ অধীনত সভাৰ এহাজাৰৰো অধিক শাখা সাহিত্য সভা আছে । ভাৰতবৰ্ষ আৰু বিদেশতো বিভিন্ন ঠাইত সভাৰ শাখা আছে । এইবোৰ হৈছে ক'হিমা,আইজল, ছিলং,পাছিঘাট, কামেং,নতুন দিল্লী,মুম্বাই, লণ্ডন,উত্তৰ আমেৰিকা আৰু ছিংগাপুৰ।অসম সাহিত্য সভা বিভিন্ন অনুবাদ কৰ্মৰ সৈতে সক্ৰিয়ভাৱে জড়িত ।

লগতে পঢ়ক:খটখটীত ৮ কুইণ্টল গাঞ্জাসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.