হোজাই, ১৫ মে': হোজাই জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি কমৰুল হক চৌধুৰীক গ্ৰেপ্তাৰ । লংকাৰ এগৰাকী মহিলাক পইচা দিয়াৰ চলেৰে ঘৰত মাতি নি ধৰ্ষণ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগতে গ্ৰেপ্তাৰ কৰে সভাপতি গৰাকীক । স্বামীয়ে পাবলগীয়া ৩৫ হাজাৰ টকা উভতাই দিয়াৰ বাবে ১১মে' ত কমৰুলৰ ঘৰত মাতি নি ধৰ্ষণৰ অপচেষ্টা চলোৱা মহিলা গৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিতে লংকা আৰক্ষীয়ে ৩৭৬/৫১১/৫০৬ ধাৰাত ২১৯/২০নম্বৰত গোচৰ ৰুজু কৰে ।
আনহাতে, গোচৰৰ ভিত্তিতে শুকুৰবাৰে কমৰুল হক চৌধুৰীক গ্ৰেপ্তাৰ কৰি শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰায় জেললৈ প্ৰেৰণ কৰে।
আনহাতে, ইয়াৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাবে ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ৰঞ্জিত দাসে সংখ্যালঘু মৰ্চাৰ হোজাই জিলাৰ সভাপতি পদৰ পৰা আৰু দলৰ সকলো দায়িত্ব আৰু সাধাৰণ সদস্য পদৰ পৰাও কমৰুল হক চৌধুৰীক নিলম্বন কৰাৰ কথা এক প্ৰেছ বিবৃত্তিৰ জৰিয়তে জানিবলৈ দিয়ে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁইয়ে ।