হোজাই, 9 আগষ্ট : চৰম আৰ্থিক সংকটৰ বাবে হোজাই জিলাৰ কাকীত এগৰাকী মহিলাৰ মৃতদেহ ঠেলাৰে কঢ়িয়াই পৰিয়ালৰ লোকে । ঠেলাত মৃতদেহ লৈ কাকী শণিবজাৰৰ পৰা প্ৰায় ১২ কি:মি: পথ অতিক্ৰম কৰি কাকী আৰক্ষী থানাত উপস্থিত হয় মহিলাগৰাকীৰ পুত্ৰ আৰু ভতিজা ৷
লগতে পঢ়কঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি
জানিব পৰা মতে, শনিবাৰে নিশা নিজ ঘৰতে ৰহস্যজনকভাৱে উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ । দেওবাৰে পুৱা ঘটনাস্থলীত কাকী আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে থানালৈ অনাৰ নিৰ্দেশ দিয়ে ৷ তেতিয়াই সমস্যাত পৰে পৰিয়ালটো ৷ দৰাচলতে অভাৱ-অনাটনৰ বাবে গাড়ীৰে মৃতদেহ কঢ়িয়াই আনিবলৈ অপাৰগ পৰিয়ালটো ।
সেয়ে দেওবাৰে ঠেলাত মৃতদেহ লৈ প্ৰায় ১২ কি:মি: পথ অতিক্ৰম কৰি কাকী আৰক্ষী থানাত উপস্থিত হয় পুত্ৰ আৰু ভতিজা । ইতিমধ্যে দৃশ্যটো প্ৰত্যক্ষ কৰি অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে, মৃত মহিলাগৰাকীৰ নাম বিউটি মেছ ।