ETV Bharat / state

হোজাই জিলাত যান বাহনৰ চলাচলক লৈ নতুন নিৰ্দেশনা

হোজাই জিলাত ক’ভিডৰ সংক্ৰমণ বৃদ্ধিৰ বাবে যান-বাহনৰ চলাচলক লৈ নতুন নিৰ্দেশনা জিলা উপায়ুক্তৰ ৷ বাহনৰ পঞ্জীয়ন নম্বৰৰ শেষ সংখ্যাৰ যুগ্ম-অযুগ্ম নম্বৰ মতে চলাচলৰ নিৰ্দেশ প্ৰদান ৷

author img

By

Published : May 14, 2021, 8:41 PM IST

হোজাই জিলাত যান বাহনৰ চলাচলক লৈ নতুন নিৰ্দেশনা জাৰি

হোজাই, 14 মে' : হোজাই জিলাত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে জিলা উপায়ুক্তই । হোজাই জিলাত ক্ৰমবৰ্ধমান ক'ভিড-১৯ ত আক্ৰান্তৰ প্ৰতি লক্ষ্য ৰাখি আৰু অসম চৰকাৰৰ শেহতীয়া নিৰ্দেশ মৰ্মে হোজাই জিলাৰ উপায়ুক্ত সদনেক সিঙে হোজাই জিলাত যান-বাহন চলাচলৰ ক্ষেত্ৰত এক আদেশ জাৰি কৰিছে । আদেশ অনুসৰি বাহন চলাচলৰ ক্ষেত্ৰত পঞ্জীয়ন নম্বৰৰ শেষ সংখ্যাৰ যুগ্ম-অযুগ্ম নম্বৰ ব্যৱহাৰ কৰা হ’ব ৷

আৰু সেইমতে যুগ্ম-অযুগ্ম সংখ্যাৰ বাহন 14 মে'ৰ পুৱা ৫ বজাৰ পৰা দিনৰ ২ বজালৈ চলাচল কৰিব পাৰিব । অৱশ্যে এই ব্যৱস্থাৰ পৰা জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱাত নিয়োজিত যান-বাহন সমূহক ৰেহাই দিয়া হৈছে । এই আদেশ ১৪ মে' ২০২১ তাৰিখৰ পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হৈছে লগতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বলৱৎ থাকিব বুলি জানিবলৈ দিয়ে । সেই অনুসৰি শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা হোজাই আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : গোৱালপাৰা জিলাৰ ৰংজুলিৰ কুচধোৱাত পথ দুৰ্ঘটনা, নিহত 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.