ETV Bharat / state

COVID-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰিলে হোজাইৰ জিলা উপায়ুক্তই

author img

By

Published : Mar 5, 2021, 9:41 PM IST

শুক্ৰবাৰে COVID-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰিলে হোজাইৰ জিলা উপায়ুক্ত তথা জিলা নির্বাচনী বিষয়া ড০ সদনেক সিঙে । বিধানসভা নির্বাচনৰ বাবে কাম কৰি থকা সকলো বিষয়া, কর্মচাৰীক এই প্রতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে ।

COVID-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰিলে হোজাইৰ জিলা উপায়ুক্তই
COVID-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰিলে হোজাইৰ জিলা উপায়ুক্তই

হােজাই, ৫ মাৰ্চ: হোজাই জিলাৰ উপায়ুক্ত তথা জিলা নির্বাচনী বিষয়া ড০ সদনেক সিঙে শুক্ৰবাৰে COVID-১৯ৰ প্ৰতিষেধক গ্ৰহণ কৰে । এই প্ৰতিষেধক গ্ৰহণ কৰি তেওঁ কয় যে, COVID-১৯ৰ প্রতিষেধক সকলােৱে গ্রহণ কৰাটো অতি উচিত আৰু ইয়াৰ কোনো ধৰণৰ পার্শক্রিয়া নাই ।

সেয়ে শংকিত হোৱাৰ প্ৰয়োজন নাই । ইয়াৰ উপৰিও জিলা উপায়ুক্তগৰাকীয়ে বিধানসভা নির্বাচনৰ বাবে কাম কৰি থকা হোজাইৰ সকলো বিষয়া, কর্মচাৰীক এই প্রতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

এই তথ্যসমূহ এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে হােজাই জনসংযােগ বিভাগে জানিবলৈ দিয়ে । উল্লেখ্য যে, এইবাৰ COVID-১৯ৰ প্ৰ'ট'কল মানিহে নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব বুলি নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে । এই সন্দৰ্ভত প্ৰশাসনে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক:মৰাণত চক্ৰধৰ গগৈক আদৰণী জনালে দলীয় সমৰ্থকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.