হোজাই,১ অক্টোবৰ: কুঁৱলীৰ আচ্ছাদনৰে কহুৱাৰ সাজ পিন্ধি ধৰালৈ আহিল দেৱী দুৰ্গা । শাৰদীয় নৱৰাত্ৰিৰ আজি ষষ্ঠ দিন । অৰ্থাৎ আজি মহাষষ্ঠী(Durga Puja 2022) । হিন্দু পঞ্চাংগ অনুসৰি আহিন মাহৰ শুক্ল পক্ষৰ ষষ্ঠ তিথিৰ এই দিনটোত দেৱী দূৰ্গাৰ ষষ্ঠ ৰূপ অৰ্থাৎ দেৱী কাত্যায়নী পূজা কৰা হয় আৰু ব্ৰত ৰখা হয় । দেৱী কাত্যায়নী সফলতা আৰু খ্যাতিৰ প্ৰতীক বুলি বিশ্বাস কৰা হয় । সন্ধিয়ালৈ বেলবোধনেৰে পাতত বহুৱাব দেৱী কাত্যায়নীক(Durga Puja Preparation in Assam) ।
মা দুৰ্গাক আদৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তত চলিছে ব্যাপক প্ৰস্তুতি । ভিন্ন আৰ্হিৰ পূজা মণ্ডপৰ লগতে পূজা সমিতিসমুহে আয়োজন কৰিছে বিভিন্ন অনুষ্ঠানৰ । সুকলমে যাতে পূজা অনুষ্ঠিত হয় তাৰ বাবে প্ৰতিখন জিলাৰে প্ৰশাসন সষ্টম হৈ পৰিছে । হোজাইতো দেখা গৈছে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি(Durga Puja Preparation at Hojai) । পূজাৰ সময়ত শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ সাজু হৈছে হোজাই জিলা প্ৰশাসন ।
শাৰদীয় দুৰ্গাপূজা শান্তিপূৰ্ণ আৰু সুকলমে উদযাপন কৰাৰ সন্দৰ্ভত শুকুৰবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত হয় এক গুৰুত্বপূৰ্ণ সভা । সভাখনত সভাপতি হিচাপে উপস্থিত থাকে জিলাখনৰ নতুন উপায়ুক্ত সীমান্ত কুমাৰ দাস, হোজাই জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্ম, মানস জ্যোতি নাথ, অন্যান্য প্ৰশাসনিক বিষয়া সকল, আৰক্ষী প্ৰশাসনৰ বিষয়াসকল আৰু পূজা কমিতিসমূহৰ বিষয়ববীয়া সকলেও অংশগ্ৰহণ কৰে উক্ত সভাত ।
লগতে পঢ়ক: অবৈধ পাহাৰ খননৰ বিৰুদ্ধে সৰৱ বীৰ লাচিত সেনা