ETV Bharat / state

আৰক্ষীৰ জালত এশ কোটি টকীয়া বেংক কেলেংকাৰীৰ মূল নায়ক

author img

By

Published : Jul 22, 2019, 1:14 PM IST

হোজাইৰ মোৰাঝাৰ ষ্টেট বেংকত সংঘটিত এশ কোটি টকীয়া কৃষি ঋণ কেলেংকাৰীৰ অন্যতম অভিযুক্ত বেংকৰ প্ৰাক্তন শাখা প্ৰৱন্ধক দেৱজিৎ তালুকদাৰ আৰক্ষীৰ জালত

আৰক্ষীৰ জালত বেংকৰ এশ কোটি টকীয়া কেলেংকাৰীৰ মূল নায়ক

হোজাই, 22 জুলাইঃ হোজাই মোৰাঝাৰ ষ্টেট বেংকত এশ কোটি টকাৰ কৃষি ঋণ কেলেংকাৰী৷ বেংকৰ দুজন শাখা প্ৰৱন্ধকৰ সহযোগত এটা দালাল চক্ৰই ভুৱা নথি পত্ৰৰে এশ কোটি টকাৰ কৃষি ঋণ মোকলাই নিয়াৰ অভিযোগ ৷ এই কৃষি ঋণ কেলেংকাৰীৰ অন্যতম অভিযুক্ত হ'ল বেংকৰ প্ৰাক্তন শাখা প্ৰৱন্ধক দেৱজিৎ তালুকদাৰ৷ এটা বৃহৎ চক্ৰৰ সৈতে মিলি বেংকৰ প্ৰাক্তন শাখা প্ৰৱন্ধকজনে অজ্ঞাত লোকৰ নামত খুলিছিল বহু কেইটা বেংক একাউন্ট ৷

আৰক্ষীৰ জালত বেংকৰ এশ কোটি টকীয়া কেলেংকাৰীৰ মূল নায়ক

সেই একাউন্টবোৰৰ বিপৰীতে কৃষি ঋণ মুকলি কৰি প্ৰায় এশ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ ৷ কেৱল ইমানেই নহয় একাংশ মৃত লোকৰ নামতো বেংক একাউন্ট খুলি মোকলাই নিছিল কৃষি ঋণৰ ধন৷ এই কেলেংকাৰীত দুই প্ৰাক্তন শাখা প্ৰৱন্ধক ক্ৰমে দেৱজিৎ তালুকদাৰ আৰু সমীৰ দে সহ আন ১৬ জন লোক জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ উক্ত বিয়াগোম কেলেংকাৰী বিৰুদ্ধে মোৰাঝাৰ থানাত মুঠ 7 টাকৈ গোচৰ ৰুজু হৈছে৷ উক্ত গোচৰত অভিযুক্ত কৰা হৈছে মুঠ ১৮ জন লোকক ৷ আৰক্ষীয়ে এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত পূৰ্বতে আন দুজন লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল৷ এক গোপন সুত্ৰৰ পম খেদি মোৰাঝাৰ আৰক্ষীয়ে নগাঁৱৰ পৰা দেৱজিৎ তালুকদাৰক গ্ৰেপ্তাৰ কৰে৷ বাকী অভিযুক্ত বৰ্তমান পলাই থকা বুলি জানিব পৰা গৈছে৷ সম্প্ৰতি দেৱজিৎ তালুকদাৰক মোৰাঝাৰ থানাত চলাই থকা হৈছে মাৰাথন জেৰা৷ অচিৰেই আন বহুকেইজন লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷

আৰু পঢ়কঃসাৱধান! পৃথিৱীৰ ভিতৰতে ক'লা কাৰ্বনৰ প্ৰদূষণস্থলী গুৱাহাটী

Intro:হোজাইৰ মোৰাঝাৰ ষ্টেট বেংকত কৃষি ঋণ কেলেংকাৰীৰ অন্যতম অভিযুক্তক গ্ৰেপ্তাৰ৷Body:হোজাইৰ মোৰাঝাৰ ষ্টেট বেংকত কৃষি ঋণ কেলেংকাৰীৰ অন্যতম অভিযুক্তক গ্ৰেপ্তাৰ৷

গ্ৰেপ্তাৰ বেংকৰ প্ৰাক্তন শাখা প্ৰৱন্ধক দেৱজিৎ তালুকদাৰ৷

হোজাই মোৰাঝাৰ ষ্টেট বেংকত সংঘটিত হৈছে এশ কোটি টকাৰ কৃষি ঋণ কেলেংকাৰী৷ বেংকৰ দুজন শাখা প্ৰৱন্ধকৰ সহযোগত এটা দালাল চক্ৰই ভুৱা নথি পত্ৰৰে মোকলাই নিয়ে এশ কোটি টকাৰ কৃষি ঋণ৷ এই কৃষি ঋণ কেলেংকাৰীৰ অন্যতম অভিযুক্ত হল বেংকৰ প্ৰাক্তন শাখা প্ৰৱন্ধক দেৱজিৎ তালুকদাৰ৷ বেংকৰ প্ৰাক্তন শাখা প্ৰৱন্ধকজনে এটা বৃহৎ চক্ৰৰ সৈতে মিলি হকে বিহকে নানা অজ্ঞাত লোকৰ নামত বেংক একাউন্ট খুলিছিল৷সেই একাউন্টবোৰৰ বিপৰীতে কৃষি ঋণ মুকলি কৰি আত্মসাৎ কৰিছিল প্ৰায় এশ কোটি টকা৷অকল ইমানেই নহয় একাংশ মৃত লোকৰ নামতো বেংক একাউন্ট খুলি মোকলাই নিছিল কৃষি ঋণৰ ধন৷এই কেলেংকাৰীত দুই প্ৰাক্তন শাখা প্ৰৱন্ধক ক্ৰমে দেৱজিৎ তালুকদাৰ আৰু সমীৰ দে সহ আন ১৬ জন লোক জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷উক্ত বিয়াগোম কেলেংকাৰী বিৰুদ্ধে মোৰাঝাৰ থানাত মুঠ 7 টা গোচৰ ৰুজু হৈছে৷উক্ত গোচৰত ১৮ জন লোকক অভিযুক্ত কৰা হৈছে৷ আৰক্ষীয়ে এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত পূৰ্বতে আন দুজন লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল৷ এক গোপন সুত্ৰৰ পম খেদি মোৰাঝাৰ আৰক্ষীয়ে নগাঁওৰ পৰা দেৱজিৎ তালুকদাৰক গ্ৰেপ্তাৰ কৰে৷বাকী অভিযুক্ত সকল বৰ্তমান পলাই থকা বুলি জানিব পৰা গৈছে৷আৰক্ষীয়ে সম্প্ৰতি দেৱজিৎ তালুকদাৰক মোৰাঝাৰ থানাত চলাই আছে মাৰাথন জেৰা৷অচিৰেই আন বহুকেইজন লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱণা আছে৷মোৰাঝাৰ ষ্টেট বেংকত সংঘটিত এই বৃহৎ কেলেংকাৰীয়ে সৃষ্টি কৰিছে চাঞ্চল্যৰ

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.