ETV Bharat / state

মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা ৰক্ষা এটি শিশু সহ মহিলা

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ লংকাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে এটাৰ পিচত এটা অপৰাধজনিত ঘটনা |  তেনে এক অপৰাধজনিত ঘটনা বুধবাৰে সংঘটিত হ'ল লংকা ৰে’ল ষ্টেচনত | মানৱ সৰবৰাহকাৰী চক্ৰৰ কৱলৰ পৰা কথমপি ৰক্ষা পৰিল এটি শিশু সহ এগৰাকী মহিলা |

হোজাই জিলাত মানৱ সৰৱৰাহকাৰী চক্ৰৰ কৱলৰ পৰা কথমপি ৰক্ষা এটি শিশু সহ এগৰাকী মহিলা
author img

By

Published : Jun 27, 2019, 2:04 PM IST

হোজাই 27 জুনঃ মানৱ সৰৱৰাহকাৰী চক্ৰৰ কৱলৰ পৰা কথমপি ৰক্ষা পৰিল এটি শিশুসহ এগৰাকী মহিলা | মহিলাগৰাকীৰ নাম সংগীতা চক্ৰৱৰ্তী | ঘটনাৰ বিৱৰণী মতে বুধবাৰে সংগীতা চক্ৰৱৰ্তী নামৰ এগৰাকী মহিলাই সন্তান সহ লংকাৰ পৰা কামপুৰলৈ ৰে’ল যোগে যাবলৈ লংকা ৰে’ল ষ্টেচনলৈ আহিছিল | কথাৰ প্ৰসংগৰে দুই যুৱক কমৰুল ইছলাম আৰু ৰাজু আলীয়ে মহিলাগৰাকীৰ লগত অহা শিশুটোক ভাত খুৱাব বুলি প্ৰলোভন দি কৌশলগতভাৱে মহিলাগৰাকী আৰু শিশুটিক লংকা ৰে’ল ষ্টেচনৰ সমীপতে থকা এখন হোটেলত নি খোৱা বস্তুৰ লগত সুৰাপান কৰাই ডিমাপুৰলৈ নিবলৈ চেষ্টা কৰিছিল ৷ ইয়াৰ উপৰিও মহিলাগৰাকীক অপব্যৱহাৰ কৰিবলৈ উদ্যত হৈছিল ৷ স্থানীয় ৰাইজে উক্ত ঘটনা প্ৰত্যক্ষ কৰি দুই যুৱকক কৰায়ত্ত কৰি লংকা ৰে’ল আৰক্ষীক চমজাই দিয়ে | মহিলাগৰাকীয়ে লংকা আৰক্ষী থানাত ঘটনা উক্ত সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে | উক্ত এজাহাৰ ভিত্তিত লংকা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে |

Intro:হোজাই জিলাত মানৱ সৰৱৰাহ কাৰী চক্ৰৰ কৱলৰ পৰা কথমপি ৰক্ষা পৰিল এটা শিশু সহ এগৰাকী মহিলা | Body:দেশৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ লংকাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে এটাৰ পিছত এটা অপৰাধজনীত ঘটনা | তেনে এক অপৰাধজনীত ঘটনা বুধবাৰে সংঘটিত হল লংকাৰ ৰেল ষ্টেচনত | মানৱ সৰৱৰাহ কাৰী চক্ৰৰ কৱলৰ পৰা কথমপি ৰক্ষা পৰিল এটা শিশু সহ এগৰাকী মহিলা | মহিলাগৰাকীৰ নাম সংগীতা চক্ৰৱৰ্তী | ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বুধবাৰে সংগীতা চক্ৰৱতী নামৰ এগৰাকী মহিলাই সন্তান সহ লংকা ৰেল ষ্টেচনৰ পৰা কামপুৰলৈ ৰেল যোগে যাবলৈ লংকা ৰেল ষ্টেচনলৈ আহিছিল | কিৱা প্ৰসংগত দুই যুৱক কমৰুল ইছলাম আৰু ৰাজু আলিয়ে মহিলাগৰাকীৰ লগত অহা শিশুটোক ভাত খুৱাব বুলি প্ৰলোভন দি কৌশলগত ভাৱে মহিলাগৰাকী আৰু শিশুটিক লংকা ৰেল ষ্টেচনৰ সমীপতে থকা এখন হোটেলত নি খোৱা বস্তুৰ লগত সুৰা প্ৰাণ কৰাই ডিমাপুৰলৈ নিবলৈ চেষ্টা কৰাৰ লগতে দুই যুৱকে মহিলাগৰাকীক গাটো দিছিল। স্থানীয় ৰাইজে প্ৰতক্ষ্য কৰি লংকা ৰেল আৰক্ষীক চমজাই দিয়ে | পিছত লংকা ৰেল আৰক্ষীয়ে শিশু সহ মহিলাগৰাকী আৰু দুই মানৱ সৰৱৰাহকাৰীক লংকা আৰক্ষীক চমজাই দিয়ে | পিছত উক্ত ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে লংকা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত দাখিল কৰিছে এক এজাহাৰ | উক্ত এজাহাৰ ভিত্তিত লংকা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে |

BYTE: ভোক্তভোগী মহিলা / প্ৰতক্ষ্য দৰ্শী

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.