ETV Bharat / state

বিজেপিৰ বাবে ফেক্টৰ কিয় শিলাদিত্য দেৱ...

author img

By

Published : Mar 12, 2021, 3:29 PM IST

Updated : Mar 12, 2021, 6:04 PM IST

বিজেপিৰ পৰা টিকট বঞ্চিত হৈ নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছিল শিলাদিত্য দেৱে ৷ শুকুৰবাৰে হিমন্ত বিশ্ব শৰ্মাৰে আলোচনাত মিলিত হোৱাৰ পিছত এই স্থিতি গ্ৰহণ কৰে দলৰ পৰা পদত্যাগ কৰিব বিচৰা শিলাদিত্য দেৱে।

ফেক্টৰ শিলাদিত্য দেৱ...
ফেক্টৰ শিলাদিত্য দেৱ...

হোজাই,12 মাৰ্চঃ শিলাদিত্য দেৱৰ বাসগৃহত উপস্থিত ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ কুমাৰ শইকীয়া ৷ বিজেপিৰ পৰা টিকট বঞ্চিত হৈ নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছিল যদিও শুকুৰবাৰে আলোচনাৰ পিছত সিদ্ধান্ত সলনি কৰে শিলাদিত্যই। হিমন্ত বিশ্ব শৰ্মাৰে আলোচনাত মিলিত হোৱাৰ পিছত এই স্থিতি গ্ৰহণ কৰে দলৰ পৰা পদত্যাগ কৰিব বিচৰা শিলাদিত্য দেৱে।

বিজেপিৰ বাবে ফেক্টৰ কিয় শিলাদিত্য দেৱ...

উল্লেখযোগ্য যে, ৰাজ্যত নিৰ্বাচন সমাগত। এই সময়চোৱাত প্ৰকাশ হৈছে প্ৰতিটো দলৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা। ইয়াৰ মাজতে বিজেপিৰ টিকটৰ পৰা বঞ্চিত হৈছিল হোজাইৰ বিধায়ক শিলাদিত্য দেৱ । দলীয় টিকটৰ পৰা বঞ্চিত হৈ নেতাগৰাকীয়ে দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। এই সন্দৰ্ভত আজি হিমন্ত বিশ্ব শৰ্মা, শিলাদিত্য দেৱে এক সংবাদমেল সম্বোধন কৰে । সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, শিলাদিত্য দেৱ আগতেও ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা আছিল, এতিয়াও আছে আৰু সদাই থাকিব ইয়াত কোনো সন্দেহ নাই । শিলাদিত্যই সমগ্ৰ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টীৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত থাকিব। হোজাই আৰু লামডিঙটো তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ।

একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই কয়, বিজেপি এটি ৰাষ্ট্ৰীয় দল গতিকে ৰাষ্ট্ৰীয় দলৰ সিদ্ধান্ত অনুসৰি আমি ৰামকৃষ্ণ ঘোষক হোজাইৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছো । শিলাদিত্য ডাঙৰীয়াই অধিক কাম-কাজ কৰিছে আৰু ৰাম কৃষ্ণ এজন অতি পুৰণি নেতা। দুই গৰাকী বিজেপিৰ বাবে প্লাছ হ’ব । আমাৰ মাজত এতিয়া কোনো ধৰণৰ বিসম্বাদ নাই । বিজেপি দল আৰু আহিবলগীয়া সময়ত মৰ্যদা সহকাৰে দলত তেওঁক সংস্থাপিত কৰা হ’ব । শিলাদিত্য বিজেপি আছিল, আছে আৰু থাকিব ৷

লগতে পঢ়কঃ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ নলবাৰীৰ নামডোঙাবাসীৰ

Last Updated : Mar 12, 2021, 6:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.