লামডিং,19 জুলাইঃ লামডিঙত সংঘটিত হৈছে প্ৰেম প্ৰতাৰণাৰ জঘন্য ঘটনা ৷ ১৮ বছৰীয়া কলেজীয়া ছাত্ৰীক বিবাহৰ প্ৰলোভনেৰে অন্তঃসত্বা কৰাৰ পিছত অস্বীকাৰ প্ৰেমিকৰ ৷ উপায়ন্তৰ হৈ লামডিং আৰক্ষীৰ কাষ চাপিছে দুৰ্ভগীয়া প্ৰেমিকা ৷
৬মাহৰ অন্তঃসত্বা হোৱা 18 বছৰীয়া কলেজীয়া প্ৰেমিকাই ন্যায় বিচাৰি উপস্থিত হ'ল লামডিং আৰক্ষী থানাত ৷ অভিযোগ লামডিং হৰিওঁম টিলাৰ যুৱক তন্ময় মহহৰিৰ ওপৰত ৷ ডেৰ বছৰ পূৰ্বে অভিযুক্ত তন্ময়ৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল ছাত্ৰী গৰাকীৰ ৷ অভিযোগ অনুসৰি ,বিয়াৰ প্ৰলোভনেৰে যোৱা জানুৱাৰী মাহত যুৱক জনৰ পেহীয়েকৰ ঘৰলৈ লৈ গৈছিল ছাত্ৰী গৰাকীক ৷ কিন্তু পেহীয়েকৰ ঘৰৰ সলনি পেহীয়েকৰ এটা আচাৰৰ ফেক্টৰিলৈ ছাত্ৰী গৰাকীক লৈ গৈ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল ৷ ছাত্ৰী গৰাকী বৰ্তমান গৰ্ভৱতী বুলি চিকিৎসকে পৰিয়ালক সদৰি কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ প্ৰেমিকা গৰ্ভৱতী হোৱাৰ পিছতেই প্ৰেমিক তন্ময়ে সকলো কথা অস্বীকাৰ কৰে ৷
ছাত্ৰী গৰাকীক বিবাহ কৰাৰটো দূৰৰ কথা এই সন্তানৰ পিতৃ নহয় বুলিও প্ৰেমিকাক সমজুৱাকৈ গ্লানি দিয়ে যুৱকজনে ৷ ন্যায় বিচাৰি ভুক্তভোগী পৰিয়ালে পশ্চিম লামডিং পঞ্চায়তত গোচৰ দিয়ে যদিও যুৱক জনৰ পৰিয়ালে পঞ্চায়তৰ প্ৰক্ৰিয়াক অৱমাননা কৰে ৷ অৱশেষত স্থানীয় ৰাইজৰ সহযোগত ভুক্তভোগী ছাত্ৰী তথা পৰিয়ালে লামডিং আৰক্ষী থানাত লম্পট তন্ময়ৰ বিৰুদ্ধে ১৫১/২০ নম্বৰত ৩৭৬ ধাৰাত এটি গোচৰ ৰুজু কৰিছে ৷ নৃত্য গীত কৰি ভালপোৱা ছাত্ৰী গৰাকীয়ে এতিয়া কম বয়সতে গৰ্ভত সন্তান কঢ়িয়াই দিশহাৰা হৈ পৰিছে ৷
লগতে পঢ়কঃৰাজপথৰ কাষত বন্যাতৰ জীৱন সংগ্ৰাম