হোজাই,১২ জুন: দেওবাৰে হোজাই জিলা সাহিত্য সভাৰ উদ্যোগত হোজাইৰ সাহিত্যৰথী বেজবৰুৱা ভৱনত অনুষ্ঠিত হয় ২০২১-২০২২ শিক্ষাবৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত(HSLC Result-2022) সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী শিক্ষাৰ্থীসকলৰ সম্বৰ্ধনা অনুষ্ঠান । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন আৰু ষ্টাৰ নম্বৰ লাভ কৰা হোজাই জিলাৰ ১৭৩ জন কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে অনুষ্ঠিত হয় এই সম্বৰ্ধনা সভাখন(Felicitation Ceremony at Hojai) ।
হোজাই সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি দয়াল ক্ৰ’ৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থীৰ সকলৰ লগতে চলিত বৰ্ষৰ আইনৰ স্নাতক আৰু বাণিজ্য শাখাৰ স্নাতকোত্তৰ পৰীক্ষাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰা বিদ্যাৰ্থী যথাক্ৰমে নিখিল মুণ্ডা আৰু সিদ্ধাৰ্থ দাসকো সম্বৰ্ধনা জনোৱা হয় ।
শিক্ষাৰ্থী সকলক গামোচা, মানপত্ৰ আৰু একোটাকৈ গছৰ পুলিৰে সম্বৰ্ধনা জনোৱা হয় । উক্ত সভাত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ আমলেন্দু চক্ৰৱৰ্তী, হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী লগতে বিভিন্ন বিদ্যালয়ৰ মুৰব্বী সকল উপস্থিত থাকে । এই অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব বুল মতপোষণ কৰে সভাত উপস্থিত ব্যক্তিসকলে ।
লগতে পঢ়ক: Indian soldiers missing : বৰ্তমানেও সন্ধান ওলোৱা নাই অৰুণাচলত সন্ধানহীন সেনা জোৱান দুজনৰ