ETV Bharat / state

Fish farming at Hojai : মৎস্য পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন - মৎস্য পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন

ৰাজ্যৰ নিবনুৱা সমস্যা কোনো নতুন কথা নহয় ৷ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত অসমতে এইবাৰ মৎস্য পালনেৰে এজন নিবনুৱা যুৱকে দেখুৱাইছে স্বাৱলম্বিতাৰ অন্য এক নিদৰ্শন (Farmers become self reliant by fish farming) ৷ নিজৰ লগতে দেখুৱাইছে আন দহজন লোককো স্ব-নিৰ্ভৰশীলতাৰ পথ ৷

Fish farming at Hojai
মাছৰ ব্যৱসায়ৰে স্ব-নিৰ্ভৰশীলতাৰ পথ মুকলি
author img

By

Published : Mar 24, 2023, 11:03 PM IST

মাছৰ ব্যৱসায়ৰে স্ব-নিৰ্ভৰশীলতাৰ পথ মুকলি

হোজাই, 24 মাৰ্চ : যি সময়ত ৰাজ্যৰ বহু শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে নাইবা চৰকাৰী চাকৰি অথবা সংস্থাপনৰ সন্ধানত হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, তেনে সময়তে বহিঃৰাজ্যলৈ নগৈ বা চৰকাৰী চাকৰিলৈ আশা নকৰি নিজাববীয়াকৈ চলাইছে স্বাৱলম্বিতাৰ এক প্ৰয়াস ৷

আমি ক’বলৈ লৈছো হোজাই নীলবাগানৰ তাৰকাটা গাঁৱৰ এজন নিৱনুৱা যুৱকৰ বিষয়ে ৷ যুৱকজনৰ নাম হিফজুৰ ৰহমান ৷ মৎস্য পালনেৰে যুৱকজনে বিগত ২০ বছৰ ধৰি বছৰি গড় হিচাপত 7 ৰ পৰা 8 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ লগতে হিফজুৰ ৰহমানে আন 8-9 জন যুৱককো তেওঁ কৰ্ম সংস্থাপন দিব পাৰিছে (Farmers become self reliant by fish farming business) ৷

লগতে পঢ়ক : Honey Bee Farming: সৰিয়হ খেতিৰ সমান্তৰালকৈ মৌ পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দুগৰাকী কৃষকৰ

জানিব পৰা মতে, ৰৌ, বাহু, চিলভাৰ কাৰ্প, কমন কাৰ্প আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছৰ লগতে তেওঁ উৎপাদন কৰে মাছৰ পোনাও (Assam youth Fish farming business) ৷ উজনি অসমৰ লখিমপুৰ, ধেমাজি, চিলাপথাৰ, তিনিচুকীয়া, মৰাণকে আদি কৰি ডিমা হাচাও, হোজাই জিলাৰ বিভিন্ন প্ৰান্তত তেওঁৰ পুখুৰীত উৎপাদিত মাছসমূহৰ লগতে মাছৰ পোনাও বিক্ৰী কৰে (Fish farming at Hojai) ৷

জানিব পৰা মতে, আজি অৰ্থাৎ শুকুৰবাৰে ইছলাম ধৰ্মাৱলম্বী লোকৰ ৰমজান মাহৰ প্ৰথমটো দিনত তেওঁ প্ৰায় পাঁচ কুইন্টল মাছ বজাৰত বিক্ৰী কৰিছে ৷ হিফজুৰ ৰহমানৰ নিজাববীয়াকৈ দুটা পুখুৰী আছে যদিও আন কেইবাটাও পুখুৰী লীজত লৈ চলাই গৈছে এই ব্যৱসায় ৷

চৰকাৰী সাহাৰ্য কিম্বা প্ৰশিক্ষণ অবিহনেই তেওঁ এই মাছৰ ব্যৱসায় কৰি গৈছে (Fish farming business) ৷ কোনো যদি নিবনুৱা যুৱকে মাছ পালনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে, তেনেহ’লে তেওঁ বিনামূলীয়াকৈ প্ৰশিক্ষণ দিব বুলি জানিবলৈ দিয়ে হিফজুৰে ৷

লগতে পঢ়ক : Crime Free Village: 180 বছৰ গৰকা এখন অপৰাধমুক্ত গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.