ETV Bharat / state

লালীগুড় নিষিদ্ধ কৰাৰ বাবে লামডিঙত কুঁহিয়াৰ খেতিয়কৰ প্ৰতিবাদ

নিম্ন মানৰ ক্ষতিকাৰক লালীগুড়ৰ লগতে ৰাজ্যত স্থানীয় ভাৱে উৎপাদিত উৎকৃষ্ট মানৰ লালীগুড়ৰ ব্যৱসায়ো বন্ধ হৈ থকাত ক্ষোভিত হৈ পৰে কৃষক সমাজ

লালীগুৰ নিষিদ্ধ কৰাৰ বাবে লামডিঙত কুঁহিয়াৰ খেতিয়কৰ প্ৰতিবাদ
author img

By

Published : Mar 17, 2019, 3:32 PM IST

হোজাই,১৭ মাৰ্চঃ লামডিঙৰ শ্বহীদ মৈদানত কুঁহিয়াৰ খেতিয়কৰ প্ৰতিবাদ ।লামডিঙত উৎপাদিত গুৰ পৰীক্ষা কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনক আহ্বান প্ৰতিবাদকাৰীৰ । বহিঃ ৰাজ্যৰ পৰা আমদানিকৃত নিম্ন মানৰ ক্ষতিকাৰক লালীগুৰৰ লগতে ৰাজ্যত স্থানীয় ভাৱে উৎপাদিত উৎকৃষ্ট মানৰ লালীগুড়ৰ ব্যৱসায়ো বৰ্তমান বন্ধ হোৱাৰ পথত । চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতাৰে এতিয়া ওলাই আহিছে লামডিঙৰ কৃষক সমাজ । উল্লেখ্য যে, সুৰা ট্ৰেজেডিৰ পাছতে আৰক্ষী প্ৰশাসনে বিভিন্ন ঠাইত অভিযান চলাই চিল কৰিছিল বহুকেইটা ব্যৱহাৰ অনুপযোগী লালী গুৰৰ গুদাম । । বহিঃ ৰাজ্যৰ লগতে অসমতো স্থানীয় ভাৱে উৎপাদিত লালীগুড় চৰকাৰে নিষিদ্ধ কৰাৰ পাছত এতিয়া চৰম অনিশ্চয়তাত ভুগিছে কুঁহিয়াৰ খেতিয়ক আৰু গুৰৰ ব্যৱসায়ীসকল ।

লালীগুৰ নিষিদ্ধ কৰাৰ বাবে লামডিঙত কুঁহিয়াৰ খেতিয়কৰ প্ৰতিবাদ

ইফালে প্ৰতিবাদস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় লামডিং সমষ্টিৰ বিধায়কে৷ লগতে বিধায়ক গৰাকীয়ে গোলাঘাটৰ ঘটনাৰ শোক প্ৰকাশ কৰি কয় যে চৰকাৰে লালী গুৰ বন্ধ কৰিছে ভালে কৰিছে লগতে দোষীকো শাস্তি প্ৰদান কৰিছে কিন্তু লামডিং তথা লামডিঙৰ দাঁতি কাষৰীয়া অঞ্চলৰ বহুতো কৃষকে কুঁহিয়াৰ তথা চাক্কি গুৰৰ ওপৰতে নিৰ্ভৰশীল ৷ গতিকে কৃষকৰ সমস্যা বুজি এই সমস্যা সমাধানৰ বাবে চৰকাৰৰ লগত আলোচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে বিধায়কগৰাকীয়ে ।

Slug : লামডিঙৰ শ্বহীদ মৈদানত কুঁহিয়াৰ খেতিয়কৰ প্ৰতিবাদ।

Date : 17.03.2019

Vis : email

Story : ৰাজ্যৰ পৰা আমদানিকৃত নিম্ন মানৰ ক্ষতিকাৰক লালীগুৰৰ লগতে ৰাজ্যত স্থানীয় ভাৱে উৎপাদিত উৎকৃষ্ট মানৰ লালীগুড়ৰ ব্যৱসায়ো বৰ্তমান বন্ধ হোৱাৰ পথত । চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ ফলশ্ৰুতিত স্থানীয় কুঁহিয়াৰ খেতিয়কসকলৰ জীৱনলৈ নামি আহিছে চৰম অমানিশা। গোলাঘাটৰ সুৰা ট্ৰেজেদিৰ পাছত ৰাজ্যত নিষিদ্ধ কৰা হৈছে ক্ষতিকাৰক লালীগুড় । এই সুৰা ট্ৰেজেডিৰ পাছতে আৰক্ষী প্ৰশাসনে বিভিন্ন ঠাইত অভিযান চলাই চিল কৰিছিল বহুকেইটা ব্যৱহাৰ অনুপযোগী লালী গুড়ৰ গুদাম। বহি: ৰাজ্যৰ লগতে আমাৰ ৰাজ্যত স্থানীয় ভাৱে উৎপাদিত লালীগুড় চৰকাৰে নিষিদ্ধ কৰাৰ পাছত এতিয়া চৰম অনিশ্চয়তাত ভুগিছে কুঁহিয়াৰ খেতিয়ক আৰু গুড়ৰ  ব্যৱসায়ীসকল। গোলাঘাটৰ সুৰা ট্ৰেজেদিৰ পিছতেই কুঁহিয়াৰ আৰু গুড় ব্যৱসায়ীসকলৰ জীৱনলৈ আহি পৰিছে চৰম অনিশ্চয়তা।  যাৰ বাবে লামডিঙৰ নিকটবৰ্তী দুৰ্গম পাৰ্বত্য অঞ্চলত এতিয়া কুহিঁয়াৰ কৃষকসকল প্ৰতিবাদত নামিবলৈ বাধ্য হৈ পৰিছে৷ আজি পুনৰেবাৰ লামডিঙ পাচ শহশ্ৰাধিক কুঁহিয়াৰ খেতিয়কে প্ৰতিবাদত নামিলে ৷ লামডিং শ্বহীদ মৈদানত কুঁহিয়াৰ খেতিয়ক সকলে সাবস্ত্য কৰিছে প্ৰতিবাদ ৷ লামডিংখনৰ বিভিন্ন এলেকা পাহাৰীয়া অঞ্চলে আবৰি আছে ৷ সেই হেতুকে পানীৰ সমস্যাত ইয়াৰ কৃষক সকল বছৰ বছৰ ধৰি জৰ্জৰিত হৈ আহিছে। পানীৰ অভাৱত ধান খেতি বা অনান্য খেতি কৰাৰ  সুবিধা নথকাৰ বাবেই  লামডিঙৰ এইসকল খেতিয়কে বছৰ বছৰ ধৰি কুঁহিয়াৰ খেতি কৰি গুড় উৎপাদনৰে ব্যৱসায় কৰি নিজৰ জীৱিকা অৰ্জন কৰি আহিছে। কিন্তু এতিয়া তেওঁলোকৰ জীৱিকাত অসম চৰকাৰ হেঙাৰ হৈ পৰাৰ অভিযোগ উঠিছে। যাৰ বাবে কৃষকসকলে গুড়ৰ ব্যৱসায়ৰে স্বচ্ছল জীৱন যাপন কৰাৰ পৰিবৰ্তে এতিয়া বৃহৎ পৰিমানৰ লোকচানৰ সন্মুখীন হবলগীয়া হৈছে।

 তেওঁলোকৰ দাবী চৰকাৰ আৰু প্ৰশাসনে লামডিঙত উৎপাদিত গুড় পৰীক্ষা কৰক। তাৰ পিচত নিৰ্ধাৰণ কৰক এই গুড় ক্ষতিকাৰক হয় নে নহয় ৷ এই গুড় খাই কোনো লোক মৃত্যুমুখত পৰা বুলি প্ৰমান কৰিবলৈ চৰকাৰক দাবী জনায় কৃষকসকলে। বহি: ৰাজ্যৰ পৰা আমদানিকৃত ভেজাল আৰু ক্ষতিকাৰক গুড়ৰ পৰিবৰ্তে অসম চৰকাৰে সকলো লালীগুড় বজাৰত নিষিদ্ধ কৰাত ক্ষোভিত হৈ পৰিছে লামডিঙৰ কৃষকসকল। প্ৰতিবাদস্থলীত লামডিং সমষ্টিৰ বিধায়ক উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় ৷ লগতে বিধায়ক গৰাকীয়ে গোলাঘাটৰ ঘটনাৰ শোক প্ৰকাশ কৰি কয় যে চৰকাৰে লালী গুৰ বন্ধ কৰিছে ভালে কৰিছে লগতো দোষীকো শাস্তি প্ৰদান কৰিছে কিন্তু লামডিং তথা লামডিঙৰ দাতি কাষৰীয়া অঞ্চলৰ বহুতো কৃষক কুঁহিয়াৰ তথা চাক্কি গুৰৰ ওপৰতে নিভৰ্শীল ৷ চৰকাৰে লালী গুৰ বন্ধ কৰাৰ লগে লগে বজাৰত চাক্কি গুৰৰ ব্যৱসায়ীও ম্লান হৈ পৰিছে যাৰ ফলত হাজাৰ হাজাৰ কৃষকৰ জীৱনলৈ অমানিশা নামি আহিছে হয়তো আগোন্তক দিনত পেটৰ তাৰণাত জীৱন শেষ হৈ যাব ৷ লগতে বিধায়ক গৰাকীয়ে এই সমস্যাৰ সমাধানৰ বাবে চৰকাৰ লগত আলোচনা কৰিব বুলিও জানিব দিয়ে ৷

হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.