হোজাই, 13 জুন : হোজাই জিলাৰ ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি মৃতকৰ আত্মীয়ই চিকিৎসকক নিৰ্মম ভাৱে প্ৰহাৰ কৰা ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য ৷ ঘটনা সংঘটিত হোৱাৰ নিশাই ২৪ জন লোকক আটক কৰিছিল হোজাই আৰক্ষীয়ে ৷ উক্ত চিকিৎসক প্ৰহাৰ কাণ্ড (doctor attack incident) ৰ অন্যতম অপৰাধী ফয়জুৰ ৰহমানক আদালতত হাজিৰ ।
শংকৰদেৱ নগৰ জিলা ন্যায়িক আদালতত হাজিৰ ধৃত ফয়জুৰ ৰহমানক । ধৃত ফয়জুৰ ৰহমানে চিকিৎসকক চৰিয়াৰে প্ৰহাৰ কৰিছিল । ফয়জুৰে চিকিৎসকক আক্ৰমণ কৰাৰ কথা বুলি নিজ মুখে স্বীকাৰ কৰে । ফয়জুৰক আৰক্ষীয়ে পাঁচদিনৰ জিম্মাত বিচাৰি আবেদন কৰিছিল যদিও দুদিনৰ বাবেহে দিয়ে আৰক্ষীৰ ৰিমাণ্ডত ।