ETV Bharat / state

হোজাই জিলাৰ কাকীত প্ৰসাশনৰ উচ্ছেদ অভিযান - কাকীত প্ৰসাশনৰ উচ্ছেদ

ৰাজ্যত নতুন চৰকাৰ শাসনত অধিস্থিত হোৱাৰে পৰা আৰক্ষী তথা প্ৰশাসনে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৷ শেহতীয়াকৈ হোজাই জিলাৰ কাকীতো জিলা প্ৰসাশনে চলালে উচ্ছেদ অভিযান ৷

eviction mission of police in hojai
হোজাই জিলা কাকীত প্ৰসাশনৰ উচ্ছেদ অভিযান
author img

By

Published : Jun 6, 2021, 2:16 PM IST

হোজাই, 6 জুন : ৰাজ্যত শেহতীয়াকৈ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ লগতে ৰাজ্যৰ আৰক্ষী তথা প্ৰশাসনে ভূমি বেদখলকাৰী সকলৰ বিৰুদ্ধেও আৰম্ভ কৰিছে কঠোৰ অভিযান ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে হোজাই জিলাৰ কাকীতো জিলা প্ৰসাশনে চলালে উচ্ছেদ অভিযান । শনিবাৰে, পুৱাৰে পৰা এই উচ্ছেদ অভিযান আৰম্ভ কৰিলে হোজাই আৰক্ষীয়ে ৷

উল্লেখযোগ্য যে, কাকীৰ ৰবাৰ বাগানত বনাঞ্চলৰ ভূমিত অবৈধভাৱে বেদখল কৰি আছিল বহুসংখ্যক লোকে ৷ এই লোকসকল লোকে দখল কৰি ৰখা ভূমিৰ ওপৰত আৰক্ষীয়ে অভিযান চলায় । জানিব পৰা গৈছে যে, প্ৰায় ২৭০ বিঘা ভূমিত ১৫ টাকৈ পৰিয়ালে বে-আইনীভাৱে বাস কৰি আছিল আছিল দীৰ্ঘদিনৰ পৰা ।

ইফালে, আৰক্ষীয়ে এই অভিযানত জেছিবিৰে ঘৰসমূহ ভাঙি উচ্ছেদ কৰাৰ লগতে ট্ৰেক্টৰৰে হাল মাৰি বহু বিঘা খেতি নষ্ট কৰি পেলায় ।

লগতে পঢ়ক:বিহালীত বিশ্ব পৰিৱেশ দিৱস পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.