হোজাই, 5 জুন : ৫ জুন বিশ্ব পৰিবেশ দিৱস । সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যখনৰ ভিন্ন প্ৰান্ততো উদযাপন কৰা হয় বিশ্ব পৰিবেশ দিৱস ৷ এই পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি হোজাই জিলাৰ চৰকাৰী আৰু বেচৰকাৰী সংগঠন সমূহে বিভিন্ন স্থানত গছপুলি ৰোপণ কৰে ।

একেদৰে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোচে হোজাই, লংকাৰ শিক্ষানুষ্ঠান, মন্দিৰ, মছজিদৰ চৌহদত গছ-পুলি ৰোপণ কৰি বিশ্ব পৰিবেশ দিৱস পালন কৰে ৷ ইয়াৰ উপৰিও বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি হোজাই জন স্বাস্থ্য কাৰিকৰী বিভাগৰ স্বচ্ছ ভাৰত মিছনৰ উদ্যোগত উদালীৰ ভিন্ন প্ৰান্তত গছ পুলি ৰোপণ কৰা হয় ।
লগতে পঢ়ক : কাৰ্বি আংলঙত খাদ্যৰ সন্ধানত ৰাজপথত গজৰাজ