ETV Bharat / state

হোজাইৰ দেৱস্থানত জালনোটসহ আটক অভিযুক্ত

জালনোটেৰে সমগ্ৰী ক্ৰয় কৰিবলৈ হোজাইৰ দেৱস্থানত আটক এজন অভিযুক্ত ৷ আটকাধীন জিয়া উদ্দিন নামৰ অভিযুক্ত জন পূৰ্বতেও নকল নোটৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত জেললৈ গৈছিল ৷

author img

By

Published : Sep 14, 2020, 1:59 PM IST

জালনোটসহ আটক অভিযুক্ত
জালনোটসহ আটক অভিযুক্ত

হোজাই, 14 ছেপ্তেম্বৰ: হোজাইৰ দেৱস্থানত জালনোটেৰে সমগ্ৰী ক্ৰয় কৰিবলৈ আহি আটক অভিযুক্ত ৷ দেৱস্থান বজাৰত ৰাইজে খেদি-খেদি আটক কৰিলে নকল টকাৰ ব্যৱসায়ৰ লগত জড়িত অভিযুক্ত জিয়া উদ্দিন নামৰ এজন লোকক ৷ আটকাধীন লোকজন মোৰাঝাৰ থানাৰ অন্তৰ্গত শিংগিৰপাৰ গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷

হোজাইৰ দেৱস্থানত জালনোটসহ আটক অভিযুক্ত

দেৱস্থান বজাৰৰ এগৰাকী ব্যৱসায়ীৰ পৰাই কেইবাবাৰো নকল টকাৰ বিনিময়ত সামগ্ৰী ক্ৰয় কৰি ধৰা পৰে লোকজন ৷ অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত জানিব পৰা গৈছে যে, পূৰ্বতেও জালনোট ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত জেললৈ গৈছিল তেওঁ ৷ উল্লেখ্য যে, ভুক্তভোগী ব্যৱসায়ী গৰাকীয়ে অভিযুক্তৰ বিৰুদ্ধে দেৱস্থান আৰক্ষী থানাত এট গোচৰ ৰুজু কৰে ৷ দেৱস্থান আৰক্ষীয়ে জিয়া উদ্দিনক শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰাই সোধপোছৰ বাবে পুনৰ তেওঁলোকৰ জিম্মালৈ আনে ৷

লগতে পঢ়ক: হোজাইত ৰাইজৰ ৰোষত স্বয়ম্ভু অনলাইন প্ৰেমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.