ETV Bharat / state

Anti Drugs Mission : নীলবাগানত 33 পেকেট ড্ৰাগছ জব্দ হোজাই আৰক্ষীৰ

author img

By

Published : Dec 3, 2021, 8:44 PM IST

হোজাই জিলাৰ নীলবাগানত শুকুৰবাৰে বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰে হোজাই জিলা আৰক্ষীয়ে ৷ হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই অতিৰিক্ত আৰক্ষী অধীক্ষক পনজিৎ দুৱৰাক লগত লৈ এখন বাহনত অভিযান চলাই জব্দ কৰে 33 পেকেট ড্ৰাগছ (Drugs Seized in Nilbagan)৷

drugs seized by Hojai police
নীলবাগানত 33 পেকেট ড্ৰাগছ জব্দ

হোজাই, 3 ডিচেম্বৰ : এক গোপন সূত্ৰৰ পম খেদি হোজাই জিলাৰ নীলবাগানত শুকুৰবাৰে বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰে হোজাই জিলা আৰক্ষীয়ে (Hojai police News) ৷ হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই অতিৰিক্ত আৰক্ষী অধীক্ষক পনজিৎ দুৱৰাক লগত লৈ এখন বাহনত অভিযান চলাই জব্দ কৰে 33 পেকেট ড্ৰাগছ (Drugs Seized in Nilbagan) ৷

AS-01JC-1860 নম্বৰৰ বাহনৰ বডিৰ ভিতৰত গোপনে ৱেলডিং কৰি লৈ অহা হৈছিল ড্ৰাগছখিনি ৷ ইফালে, বাহনখনৰ চালক গৰাকীকো আটক কৰিছে হোজাই আৰক্ষীয়ে ৷ বৰ্তমান অধিক তথ্যৰ বাবে বাহনখনৰ চালক গৰাকীক জেৰা অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে ৷

নীলবাগানত 33 পেকেট ড্ৰাগছ হোজাই আৰক্ষীৰ

উল্লেখ্য যে, প্ৰত্যেক দিনে ড্ৰাগছৰ দৰে নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান(Assam Police Raid Against Drugs) ৷ লগতে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীযে ৷

কিন্তু অসম আৰক্ষীৰ এনে কঠোৰতাকো নেওচি ড্ৰাগছ তথা নিচা জাতীয় সামগ্ৰী সৰবৰাহ অব্যাহত ৰাখিছে একাংশ ড্ৰাগছ মাফিয়াই ৷ বিশেষকৈ বহিঃৰাজ্যৰ পৰা তথা ৰাজ্যৰ সীমামূৰীয়া অঞ্চলত নিচা জাতীয় সামগ্ৰী সৰবৰাহ অব্যাহত ৰাখিছে ড্ৰাগছ মাফিয়াই ৷

লগতে পঢ়ক: নগাঁও বিশেষ কাৰাগাৰৰ পৰা হাজোতী পলায়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.